নিউজ ডেস্ক,২০ মে’ঃ ৰাজ্যৰ শিক্ষা খণ্ডলৈ নতুন নিৰ্দেশনা। টি-ছাৰ্ট,জিন্স পেন্ট পিন্ধি আহিব নোৱাৰিব বিদ্যালয়লৈ। শিক্ষয়ত্ৰীয়ে পিন্ধিব নোৱাৰিব জিন্স,টি-ছাৰ্ট,লেগিংছ। এতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীৰ সমান্তৰালকৈ শিক্ষক শিক্ষয়িত্ৰীৰো থাকিব ড্ৰেছ কোড। শিক্ষকে পিন্ধিব লাগিব ফৰ্মেল পেন্ট-ছাৰ্ট। শিক্ষয়ত্ৰীয়ে পিন্ধিব লাগিব মেখেলা চাদৰ আৰু শাৰী। অতিৰঞ্জিত সাজ পোচাক পিন্ধি আহিব নোৱাৰিব বিদ্যালয়লৈ। বিদ্যালয়ৰ শিক্ষকৰ বাবে দিয়া হৈছে এই বিশেষ ড্ৰেচ কোড। ইচ্ছা অনুসৰি পৰিধান কৰিব নোৱাৰিব যি কোনো পোছাক। নিৰ্দেশনা অমান্য কৰা সকলৰ বিৰুদ্ধে লোৱা হব শাস্তিমুলক ব্যৱস্থা।