নিউজ ডেস্ক,২১ মে’ঃ ৰে’ল যাত্ৰী সকলৰ বাবে এটা ভাল খবৰ। শীঘ্ৰে গুৱাহাটীৰ পৰা চলিব ‘বন্দে ভাৰত এক্সপ্ৰেছ’৷ নিউ জলপাইগুৰিলৈ অনা হৈছে অত্যাধুনিক ৰে’লখন। গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত চলিব ৰে’লখন। নিউ জলপাইগুৰি ষ্টেচনত ৰখা হৈছে ৰে’লখন। বিশেষ ৰে’লখন উজনিমুৱা আৰু নামনিমুৱা দুখন ৰে’ল চলিব। ৬ ঘন্টা সময়ৰ প্ৰয়োজন হ’ব ৪১০ কিঃমিঃ ৰ যাত্ৰা সম্পূৰ্ণ কৰিবলৈ। সপ্তাহত ৬ দিন চলিব বিশেষ ৰে’লখন। উজনিমুৱা ৰে’লখনৰ নম্বৰ হ’ব ২২২২৭,নামনিমুৱা ৰে’লখনৰ নম্বৰ হ’ব ২২২২৮।