‘কংগ্ৰেছে সদায় অসম আৰু অসমীয়াৰ বিৰুদ্ধে কাম কৰি আহিছে’: প্ৰধানমন্ত্ৰী
‘কংগ্ৰেছৰ বাবে কেৱল প্ৰিয় বাংলাদেশী’: প্ৰধানমন্ত্ৰী মোদী
কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
অসমৰ পৰিচয় আৰু সন্মান ৰক্ষাৰ বাবে আপোনালোকৰ সৈতে BJP সদায় আছে: প্ৰধানমন্ত্ৰী
ডিব্ৰুগড় আৰু নামৰূপবাসীৰ বহুদিনীয়া অপেক্ষা অৱশেষত অন্ত পৰিল আজি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নামৰূপত উপস্থিত হৈ নামৰূপ সাৰ কাৰখানাৰ নতুন ব্রাউনফিল্ড এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ১০ হাজাৰ ৭০০ কোটি টকাৰ এই বৃহৎ প্ৰকল্পই অসমসহ সমগ্ৰ উত্তৰ-পূব আৰু দেশৰ কৃষিখণ্ডলৈ নতুন গতি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত বিশাল জনসভাত অংশগ্ৰহণ কৰি নামৰূপবাসীৰ মাজত নতুন উদ্দীপনা আৰু আশাৰ সঞ্চাৰ কৰাৰ লগতে কংগ্ৰেছকো তীব্ৰ ভাষাৰে সমালোচনা কৰে। অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰথমে চাওলুং চুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বক প্ৰণাম কৰে। লগতে ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰ আৰু বীৰাংগনা সতী সাধনীৰ ত্যাগক স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাষণত কয়, ‘আজি অসমৰ বাবে এটা বিশেষ দিন। ডিব্ৰুগড় আৰু নামৰূপবাসীয়ে দশকজুৰি অপেক্ষা কৰি থকা সপোন আজি বাস্তৱত পৰিণত হ’ল। এয়া এক আৰম্ভণিহে, অসমক আৰু অধিক আগুৱাই নিব লাগিব। উদ্যোগ, ছেমি কণ্ডাক্টৰ, কৃষি আৰু পৰ্যটনকে ধৰি সকলো ক্ষেত্ৰতে অসমে বিকাশৰ নতুন পথত খোজ দিছে। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে উদ্যোগ আৰু যোগাযোগ ব্যৱস্থাৰ জৰিয়তে অসমক ব্যতিক্ৰমী ৰূপত সজাই তুলিছে।’
ভাষণত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, “কংগ্ৰেছে সদায় অসম আৰু অসমীয়াৰ বিৰুদ্ধে কাম কৰি আহিছে। অসমৰ জনসাধাৰণক অপমানৰ পাছত অপমান কৰি অহাটোৱেই কংগ্ৰেছৰ ৰাজনীতি।” তেওঁ কয়, “বিজেপি চৰকাৰে অসমৰ হিতত কাম কৰিলে কংগ্ৰেছে সদায় বিৰোধিতা কৰে। সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদানৰ সময়ত কংগ্ৰেছৰ মুকলি বিৰোধিতা তাৰেই উদাহৰণ। অসমত ছেমি কণ্ডাক্টৰ স্থাপনৰ সিদ্ধান্ততো কংগ্ৰেছে বিৰোধিতা কৰিছিল। কিন্তু বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে উদ্যোগ, কৃষি, পৰ্যটন আৰু যোগাযোগ ব্যৱস্থাৰ জৰিয়তে অসমক বিকাশৰ নতুন পথত আগুৱাই লৈ গৈছে।”
নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্প সন্দৰ্ভত তেওঁ কয় যে, কৃষকৰ কল্যাণ চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰ। এই প্ৰকল্পই সাৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে সংস্থাপনৰ বহু সুযোগ সৃষ্টি কৰিব। প্ৰকল্প আৰম্ভ হোৱাৰ লগে লগে বহু যুৱকে সংস্থাপন লাভ কৰিব। কংগ্ৰেছ চৰকাৰৰ সময়ত নামৰূপ সাৰ কাৰখানাক অৱহেলা কৰাৰ ফলতেই এই গুৰুত্বপূৰ্ণ উদ্যোগ বন্ধ হৈ পৰিছিল। তাৰ ফলত দেশৰ কৃষকে ইউৰিয়াৰ বাবে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছিল। বিজেপি চৰকাৰে বন্ধ হৈ যোৱা উদ্যোগসমূহ পুনৰ জীয়াই তুলিছে বুলি তেওঁ মন্তব্য কৰে। চাহ জনগোষ্ঠী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে, কংগ্ৰেছে দশক দশক ধৰি চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল, কিন্তু বিজেপি চৰকাৰে ভূমি পট্টা প্ৰদান কৰি তেওঁলোকক সন্মান জনালে। কংগ্ৰেছে অবৈধ বাংলাদেশী প্ৰীতিত মচগুল হৈ থাকি ভোটাৰ তালিকা পুনৰীক্ষণৰ বিৰোধিতা কৰে। কিন্তু বিজেপি সদায় অসমৰ পৰিচয় আৰু সুৰক্ষা ৰক্ষাৰ বাবে ৰাইজৰ ঢাল হৈ থিয় হৈ আছে বুলি তেওঁ দৃঢ়তাৰে ঘোষণা কৰে।
লগতে, অসমৰ গৌৰৱক প্রতিনিধিত্ব কৰা প্ৰতিটো সম্পদকে কেন্দ্রই প্রতিষ্ঠা কৰিছে বুলি উল্লেখ কৰি কয় যে সুধাকণ্ঠৰ ১০০ বছৰীয়া জয়ন্তী উদযাপনৰো ব্যৱস্থা কৰিছে চৰকাৰে। ভাষণত ৰাছিয়াৰ ৰাষ্ট্ৰপতিকো অসমৰ ব্লেক টি উপহাৰ হিচাপে প্রদান কৰিছে বুলি কোৱাৰ লগে লগে সভাগৃহ হাতচাপৰি আৰু মোদী জয়ধ্বনিৰে মুখৰ হৈ উঠে। অসমৰ সন্মান বৃদ্ধিৰ প্ৰতিটো কার্যকে প্রাথমিকতা দিছে বিজেপি চৰকাৰে।
শেষত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিকশিত ভাৰত নিৰ্মাণত উত্তৰ-পূবৰ ভূমিকাই অধিক। উত্তৰ-পূব ভাৰত বিকাশৰ গ্ৰ’থ ইঞ্জিনৰূপে পৰিগণিত হ’ব। আগন্তুক দিনত উত্তৰ-পূব দেশৰ উন্নয়নৰ নতুন শক্তি হিচাপে পৰিচিত হ’ব।