মিঞা প্ৰদূষিত অঞ্চলত ব্যাপক প্ৰচাৰ অসম জাতীয় পৰিষদৰ
গৌৰৱ গগৈৰ পিছত ‘সমন্বয়’ৰ নামত মিঞা তুষ্টিকৰণত লাগিল লুৰিণজ্যোতি গগৈ
ভূমি–সংস্কৃতিৰ প্রশ্ন এৰাই AJP–ৰ সমন্বয় ৰাজনীতি: ২৬ৰ নিৰ্বাচনত নতুন সমীকৰণৰ সঙ্কেত

মিঞা প্ৰধান অঞ্চলত অসম জাতীয় পৰিষদৰ (AJP) ব্যাপক প্ৰচাৰেই ২৬ৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টি কৰিছে। বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ নিলাম বজাৰত আয়োজিত এখন জনসভাত AJP–এ দুটা মুখ্য দিশত মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে । প্ৰথমটো দিশ হৈছে মিঞা প্রধান অঞ্চলত সংগঠন মজবুত কৰা, আনটো দিশ হৈছে সমন্বয়ৰ ভাষণৰ জৰিয়তে সকলো ধৰণৰ ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা।

গৌৰৱ গগৈৰ পাছত লুৰিণজ্যোতি গগৈও “সমন্বয়”ৰ নামত তুষ্টিকৰণমূলক বক্তব্য দিয়াক লৈ একাংশৰ মাজত সমালোচনাৰ পাত্ৰ হৈ পৰিছে। শ্ৰীভূমিত আয়োজিত জনসভাত লুৰিণজ্যোতি গগৈয়ে হিন্দু–মুছলমান একতা, সকলো ধৰ্মীয় জনগোষ্ঠীৰ সম-মৰ্যদা, জুবিন গাৰ্গৰ আদৰ্শ আদি বিষয়ত বক্তব্য প্ৰদান কৰে। কিন্তু জনজীৱনৰ মূল সমস্যা – অবৈধ অনুপ্ৰৱেশকাৰী, ভূমি–সংস্কৃতি সুৰক্ষা, সম্পদৰ সঠিক বণ্টন—এইবোৰ বিষয়ে কোনো বক্তব্য দিয়া দেখা নগ’ল। লুৰিণজ্যোতি গগৈয়ে ভাষণত কয় – “অসমৰ মাটি হিন্দু আৰু মুছলমানৰ সমন্বয়ৰ কাৰণে, সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাম্বলী লোকৰ কাৰণে, একতাৰ কাৰণে, আমাৰ জাতীয় সম্পদ জুবিন গাৰ্গৰ আদৰ্শ জীয়াই ৰখাৰ কাৰণে, যুজি থাকিবৰ কাৰণে। এইখন অসম, এইখন ভাৰতবৰ্ষ হিন্দু- মুছলমান, শীষ, জৈন, পাৰ্চী আদি সকলোৰে বাবে এইখন ভাৰত। ইয়াত সকলো মানুহৰ সমান অধিকাৰ আছে, সকলোৰে সমান মৰ্যদা আছে আৰু সকলোৰে সামগ্ৰিক উন্নয়নৰ সপোন আৰু লক্ষ্য আছে। দল যেতিয়াই আমি জন্ম দিছোঁ, আমাৰ মুল লক্ষ্য হ’ল অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সম-মৰ্যদা, সমোন্নয়ন আৰু সম-অধিকাৰ। এই লক্ষ্য লৈ আমি কাম কৰি আহিছোঁ। কোনোবাই বিভাজনৰ হিন্দু-মুছলমানৰ ৰাজনীতি কৰে, কোনোবাই ভোট বেংকৰ ৰাজনীতি কৰে আৰু অসম জাতীয় পৰিষদে একতাৰ ৰাজনীতি কৰে। সমন্বয়ৰ ৰাজনীতি কৰিবৰ কাৰণে অসম জাতীয় পৰিষদৰ জন্ম হৈছে।”

AJP–ৰ এই ‘সৰ্বধৰ্ম সমন্বয়’ ভাষণ বহুজনৰ মতে কংগ্ৰেছৰ বহু বছৰীয়া ভোট-বেংকৰ নীতিৰ সৈতে আশ্চৰ্যজনকভাৱে মিল আএে। বিশেষকৈ মিঞা প্ৰধান অঞ্চলত নিখুঁতভাৱে প্ৰচাৰ বৃদ্ধি কৰাত এই সন্দেহ অধিক দৃঢ় কৰিছে। সমন্বয়ৰ প্ৰতি গুৰুত্ব দিয়াটো উচিত, কিন্তু অসমবাসীৰ নিজস্ব স্বাভিমান, ভূমি অধিকাৰ, ভাষা–সংস্কৃতিৰ সুৰক্ষা বাবে যদি কোনো মত প্ৰকাশ নকৰে – তাৰ মানে এইটো কথা স্পষ্ট যে সেই সমন্বয় মূলতঃ ভোটবেংকৰ কৌশলহে। AJP–এ নিজকে একতাৰ দল বুলি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে, কিন্তু বাস্তৱ সমস্যাবোৰ এৰাই চলাত ৰাইজৰ মাজত বহু প্ৰশ্নৰ উদয় হৈছে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *