সামাজিক মাধ্যমত গৌৰৱ গগৈক ক্ষোভ উজাৰিলে দলীয় কৰ্মীয়ে
দলীয় কৰ্মীক ভয় কৰে সাংসদ গৌৰব গগৈয়ে
কি কাৰণত নিজৰ দলীয় কৰ্মীক ব্লক কৰিলে গৌৰৱে?
সাংসদ গৌৰৱ গগৈক লৈ দলীয় কৰ্মীৰ ক্ষোভ বৃদ্ধি। সামাজিক মাধ্যমতে গৌৰৱ গগৈক ক্ষোভ উজাৰিলে এজন সক্ৰিয় কংগ্ৰেছৰ দলীয় কৰ্মীয়ে। আজি কিছুদিনৰ আগতে দেখিবলৈ পোৱা গৈছিল যে গৌৰৱ গগৈৰ দলীয় কৰ্মীয়ে তেওঁলোকক সময় নিদিয়াক লৈ ক্ষোভ উজাৰি গৌৰৱ গগৈৰ সামাজিক মাধ্যমত এটা বিশেষ কমেন্ট কৰিছিল। দলীয় কৰ্মীজনৰ মতে, বহুদিন ধৰি তেওঁ সাংসদ গগৈক লগ কৰিবলৈ চেষ্টা কৰিলেও কোনো লাভ হোৱা নাছিল। তেওঁ অভিযোগ – সমষ্টিৰ লোকৰ সমস্যাৰ কথা জনাবলৈ, নিজৰ দলৰ কাম-কাজৰ কথা পাতিবলৈ বহু প্ৰয়াস কৰিলে, কিন্তু গৌৰৱ গগৈ বা তেওঁৰ সৈতে থকা সংগঠকে কোনো সঁহাৰি দেখুৱাই নাছিল। কৰ্মী গৰাকীয়ে কমেন্টত লিখিছিল যে – দলৰ কাৰণে তেওঁলোকে দিনে-নিশাই কষ্ট কৰে, কিন্তু নেতাসকলৰ পৰা নোপোৱা হয় যথাযথ মনোযোগ। তেওঁৰ ভাষ্য অনুসৰি, বিজেপি নেতাসকল অলিয়ে-গলিয়ে কাম কৰি জনতাক ধাৰাবাহিকভাৱে আকৰ্ষণ কৰি থকা অৱস্থাত কংগ্ৰেছৰ বহু নেতাই নিৰৱ। এই পৰিৱেশত সাংসদ গগৈৰ পৰা সময় নোপোৱা বিষয়টো তেওঁ অতি বেদনাদায়ক বুলি বর্ণনা কৰে।
সেই বিশেষ কমেন্টো হৈছে – “বিগত কিছুদিনৰ পৰা মনতে ক্ষোভ ভৰি আছে। কিছুমান কথাই আমাৰ মনত কষ্ট দিয়ে। প্রথম কথা, আমি দিনে নিশাই কংগ্ৰেছৰ কাৰণে কি কৰা নাই। যিবোৰ সমষ্টিৰ অলিয়ে গলিয়ে আজি বিজেপিৰ নেতা পালি নেতাই সক্রিয়হৈ ভৰি পৰিছে। সেই সময়তে কিন্তু আমাৰ দলৰ কোনো নেতাৰ মুখ দেখা পোৱা নাই। আমি আমাৰ দলৰ কাৰণে কাম কৰিব খোজোঁ কিন্তু আমাক সঁহাৰি দিয়া কোনো এটা নোলাল। দ্বিতীয়তে গৌৰৱ গগৈ ডাঙৰীয়াক আমি ভাল পাওঁ। তেওঁৰ আদর্শক আমি সন্মান জনাও। কিন্তু তেওঁক আজি 5/6 মাহে মই লগ কৰিব বাৰ বাৰ চেষ্টা কৰি আছো। কিন্তু বাৰে বাৰে বিফল হৈছো। তেওঁৰ লগত থকা ৰেকিব নামৰ ব্যক্তি এজনে মোক লগ কৰাই দিম দিম বুলি মাহৰ পিছত মাহ পাৰ হোৱাৰ পিছতো গৌৰৱ গগৈ ডাঙৰীয়াক লগ কৰিব নোৱাৰিলোঁ। তেওঁ যদি দলৰ কৰ্ম কর্তাকেই সময় দিব নোৱাৰে বা সমষ্টিৰ কথা খিনি শুনিব নিবিচাৰে তেতিয়াহলে তেওঁ কৰি আছে কি? আমি কি কৰিম এতিয়া 26ত নির্বাচন, এই মুহূর্তত আমি দলে সকলোৱে কিমান সক্রিয় হৈ কাম কৰিব লাগিছিল? কিন্তু আমি কি কৰি আছো?? আজি কিছু মাহৰ আগত ডিমাহাচং ত গৈ তেওঁক লগ কৰিব 4 ঘণ্টা ৰৈ তেওঁ মোৰ সম্পূৰ্ণ কথা খিনি নুশুনাকৈ গুচি গৈছিল। আমি কংগ্রেছী হিচাপে লাজ পাইছো। তেওঁ মোক 2 মিনিট সময়ো দিব নোৱাৰিলে। মই ভাবো কথাবোৰ এনেকুৱা হব নালাগিছিল। সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ এনেবোৰ কাম কাজে আমাৰ দলে কিছু সমস্যাৰ মুখামুখি হব লাগিব বুলি ভাবো। এই ক্ষেত্ৰত আমাৰ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই কথাটো অধিক গুৰুত্ব দিব বুলি আশা কৰোঁ। এনেকৈ থাকিলে পৰবৰ্তী পর্যায় নিৰ্বাচনত আমি বিজেপিক হৰুৱাবলৈ সমস্যা হব বুলি মই ভাবো। কাৰণ বিজেপি চৰকাৰৰ নেতা পালি নেতাই সমগ্ৰ অসমৰ অলিয়ে গলিয়ে ঘূৰি জন সাধাৰণক নানান প্রলোভন দি কংগ্ৰেছৰ হকে এক ঘৃণাৰ সৃষ্টি কৰিছে। আমি কৰবাত এই ক্ষেত্ৰত বিফল হোৱা যেন অনুভৱ হৈছে।”
ইয়াৰ থিক দুদিন পিছতে এই ঘটনাৰ আকৌ নাটকীয় ৰূপ। কৰ্মী গৰাকীৰ দ্বিতীয় অভিযোগ – তেওঁক গৌৰৱ গগৈয়ে ব্লক কৰি দিছে। কিন্তু কিয়? তেওঁ পুনৰ আন এটা কমেন্টত লিখিছিল – “গৌৰৱ দাক মই বহুত ভাল পাওঁ। তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ গোটেই খিনি যোগ্যতা আছে কিন্তু যোৱাকালি কিবা এটা সৰু কথা তেওঁৰ পেজত পোষ্টে এটাত কমেন্ট কৰিছিলোঁ, সেইটো কথাত তেওঁ মোক ব্লক কৰি দিলে, বহু খিনি আমাৰ দলৰ মানুহে একমতও হৈছিল মোৰ কথাটোৰ সৈতে, কিন্তু মোৰ ভূল টো ক’ত সেইটো হে মই নুবুজিলোঁ। মোক ব্লক টো খুলি দিবলৈ মই গৌৰৱ গগৈ দেৱক অনুৰোধ জনাইছো।”
আচলতে এই সমগ্ৰ ঘটনাই দলৰ ভিতৰত প্ৰকৃত ছবি খনহে দাঙি ধৰিছে। লগতে নেতা আৰু দলীয় কৰ্মীসকলৰ মাজত যোগাযোগৰ অভাৱ, কৰ্মী-নেতা সমন্বয়ৰ ঘাটি আৰু অসন্তোষৰ ছবি স্পষ্ট কৰি তোলে। এতিয়া প্ৰশ্ন হৈছে – গৌৰৱ গগৈয়ে দলীয় কৰ্মীক সময় কিয় নিদিলে? নেতা-কৰ্মীৰ মাজত এই দূৰত্ব কি ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছৰ ক্ষতি কৰিব? নে তেওঁ বিচৰা নাই দলীয় কৰ্মীৰ সহযোগত নিৰ্বাচনী প্ৰচাৰ কৰাটো। দলীয় পৰিৱেশত এই ধৰণৰ সংকট সৃষ্টি হোৱাটো কংগ্ৰেছৰ বাবে নিশ্চয় উদ্বেগজনক।