সৰ্বভাৰতীয় কুঁহিয়াৰ গৱেষণা প্ৰকল্পৰ বাৰ্ষিক কর্মশালাখন দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে।অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বুঢ়ালিকচনৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কুঁহিয়াৰ, ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰৰ তত্ত্বাৱধানত আয়োজিত এই অনুষ্ঠানত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক কৃষি বিজ্ঞানী ,প্রতিনিধিয়ে অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ-সঞ্চালক প্রধান ড° ডি কে যাদবে অনলাইন যোগে অংশ গ্রহণ কৰে । ভাষণ প্ৰসংগত তেখেতে
সঠিক প্ৰযুক্তি কৌশলৰ যথোচিত সদ্ব্যৱহাৰৰ জৰিয়তে কুঁহিয়াৰ খেতিৰ উন্নতি সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ক্ষেত্ৰ বিশেষে কৃষকৰ বাবে সঠিক জাত আৰু ক্ষেত্ৰভিত্তিক অসুবিধা সমুহৰ প্ৰতি লক্ষ্য ৰাখি সঠিক পৰিকল্পনা আৰু কৌশল তৈয়াৰ কৰি আগবাঢ়িব লাগিব বুলি মত পোষণ কৰে। কৃষকক জটিলতাত পেলাব পৰা দিশসমূহ বিশেষভাৱে লক্ষ্য ৰাখি উদ্যোগিক প্ৰয়োজনীয়তাৰ সকলো দিশতে আগবাঢ়ি কুঁহিয়াৰ খেতিৰ উন্নতি সাধন কৰিব লাগিব বুলি উল্লেখ কৰে। উদ্ধোধনী অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়াই জলবায়ু সংবেদনশীল পৰিস্থিতিত কুঁহিয়াৰৰ প্ৰতি অহা প্ৰত্যাহ্বান মোকাবিলা কৰাৰ বাবে সময় সাপেক্ষ জাত আৰু কৃষি পদ্ধতিৰ উত্তৰণ ঘটোৱা আৱশ্যক হৈছে বুলি সদৰি কৰি এই ৰাষ্ট্ৰীয় সন্মিলনখনে এই দিশত আশাব্যঞ্জক হ’ব বুলি মত পোষণ কৰে।সৰ্বভাৰতীয় কুঁহিয়াৰ প্ৰকল্পৰ সমন্বয়ক ড: দিনেশ সিঙে প্ৰকল্পৰ বিষয়ে বাখ্যা আগবঢ়োৱা অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকা ই কয় যে কুঁহিয়াৰ খেতিৰ বাবে সময়োচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বিশেষকৈ খেতিয়কৰ স্বনিৰ্ভৰতাৰ দিশত লক্ষ্য ৰাখি উদ্যোগিক সম্ভাৱনীয়তাৰ বাবে কম মুল্যৰ যান্ত্ৰিকীকৰণ আৰু প্ৰযুক্তি কৌশল উদ্ভাৱন কৰিব লাগিব। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ,কোইম্বাটোৰৰ ড: পি গোবিন্দৰাজে পৰিচয়মুলক বক্তব্য আগবঢ়োৱা অনুষ্ঠানটোত নতুন দিল্লীস্থ সহকাৰী সঞ্চালক প্ৰধান(বাণিজ্যিক শস্য) ড: প্ৰশান্ত কুমাৰ দাসেও বক্তব্য আগবঢ়াই। সৰ্বভাৰতীয় কুঁহিয়াৰ গৱেষণা প্ৰকল্পৰ বাৰ্ষিক প্ৰতিবেদনৰ লগতে কেইবাখনো কাৰিকৰী পুস্তিকা উন্মোচন কৰা উদ্ধোধনী অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে ভাৰত চৰকাৰৰ কৃষি আয়ুক্ত ড: পি কে সিঙে দেশৰ কৃষি ব্যৱস্থা উত্তৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সদৰি কৰে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ নতুন দিল্লীৰ সহকাৰী স ঞ্চালক প্ৰধান ড: এছ কে প্ৰধানেও বক্তব্য আগবঢ়োৱা অনুষ্ঠানটোত শলাগ জ্ঞাপন কৰে কুঁহিয়াৰ, ঔষধি আৰু সুগন্ধি উদ্ভিদ গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী তথা আয়োজক সমিতিৰ সাংগঠনিক সম্পাদক ড: তুলসী প্ৰসাদ শইকীয়াই । উল্লেখযোগ্য যে এই কর্মশালাত সৰ্বভাৰতীয় স্তৰত হোৱা কুঁহিয়াৰ গৱেষণাৰ ফলাফলসমূহ পর্যালোচনাৰ উপৰিও কুঁহিয়াৰ খেতিৰ সমস্যা আৰু উন্নতি সাধনৰ অৰ্থে ভাৰতবৰ্ষৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠানত হোৱা গৱেষণাৰ ফলাফলসমূহ আলোচিত হোৱাৰ লগতে পৰৱৰ্তী গৱেষণাৰ দিশসমূহ নির্ধাৰণ কৰা হ’ব। ইয়াৰ উপৰি সৰ্বভাৰতীয় স্তৰত উদ্ভাবিত নতুন প্রযুক্তিসমূহ কৃষি পথাৰত প্ৰয়োগৰ বাবে অনুমোদন জনোৱাৰ লগতে কৃষক ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *