“নিৰ্বাচনৰ সময়ত আহিলে কংগ্ৰেছক গাঁৱৰ পৰা দৌৰাই দৌৰাই খেদাম।”: আটাছু কেন্দ্ৰীয় উপ-সভাপতি মনোজ গগৈ

ৰাজ্যসভাত পোনপ্ৰথমবাৰৰ বাবে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপনৰ বিৰোধীতা কংগ্ৰেছৰ, সদন উত্তাল

“কংগ্ৰেছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধীতা কৰাটো স্পষ্ট”: : আটাছু

ৰাজ্যসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী পোনপ্ৰথমবাৰৰ বাবে উত্থাপন হোৱাৰ পাছতে ৰাজ্যজুৰি ব্যাপক সমালোচনাৰ সৃষ্টি হৈছে। মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হোৱাৰ পাছত শীতকালীন অধিবেশনত অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই পোনপ্ৰথমবাৰৰ বাবে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দাবী উত্থাপন কৰে। তেওঁ স্পষ্টভাৱে কয়— “অসমৰ ছয় জনগোষ্ঠীয়ে বহুদিন ধৰি জনজাতি স্বীকৃতিৰ অপেক্ষাত আছে। এই জনগোষ্ঠীসমূহ সম্পূৰ্ণভাৱে জনজাতিকৰণৰ যোগ্য। চৰকাৰে সদিচ্ছা দেখুৱাই এই অধিবেশনতেই বিধেয়ক উত্থাপন কৰিব লাগে।” বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সদনত এই দাবী উত্থাপন কৰা মাত্ৰেই কংগ্ৰেছ বিৰোধীসকল তীব্ৰ আপত্তি জনায়। কংগ্ৰেছ সাংসদসকলৰ বিশৃঙ্খল আচৰণৰ বাবে কিছুমুহূৰ্তৰ বাবে সদনৰ পৰিবেশ উত্তাল হৈ পৰে। কংগ্ৰেছৰ এই আচৰণক লৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মন্তব্য কৰে— “ছয় জনগোষ্ঠীৰ অধিকাৰ বঞ্চিত হোৱাৰ মূল কাৰণ কংগ্ৰেছৰ বিলম্বমূলক মনোভাৱ।”

এই ঘটনাৰ পিছতে জনজাতিকৰণৰ বিৰোধিতা কৰা কংগ্ৰেছক সকিয়নী আটাছুৰ। সদনত হোৱা ঘটনা পৰৱৰ্তী বিশ্লেষণ কৰি আটাছুৰ কেন্দ্ৰীয় উপ-সভাপতি মনোজ গগৈয়ে ধেমাজিত এক কঠোৰ সতর্কবাণী প্ৰদান কৰে। তেওঁ কয় – “নিৰ্বাচনৰ সময়ত আহিলে কংগ্ৰেছক গাঁৱৰ পৰা দৌৰাই দৌৰাই খেদাম। কংগ্ৰেছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধীতা কৰাটো স্পষ্ট।” লগতে আটাছুৰ কেন্দ্ৰীয় উপ-সভাপতি মনোজ গগৈয়ে কংগ্ৰেছক পোনপটীয়া প্ৰশ্ন কৰে – টাই আহোমকে ধৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ’লে কংগ্ৰেছৰ এনে কি অসুবিধা হ’ব যাৰ বাবে তেওঁলোকে ৰাজ্যসভাত অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দাবী উত্থাপন কৰাত বাধা প্ৰদান কৰিছিল। এয়া অসমৰ ৬ জনগোষ্ঠীৰ বাবে আটাইতকৈ লজ্জাজনক কথা। এই দাবীক কংগ্ৰেছে উপহাস কৰিবলৈ চেষ্টা কৰিলে, জনগণই তাৰ উপযুক্ত জবাব দিব।

সদনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি আৰু আটাছুৰ প্ৰত্যুত্তৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো পুনৰ ৰাজনৈতিক কেন্দ্ৰবিন্দু হৈ পৰিছে। আগন্তুক দিনত এই বিষয়ে অসমৰ ৰাজনৈতিক দিশ আৰু বিভিন্ন দলৰ সমীকৰণত যথেষ্ট প্ৰভাৱ পেলাব পাৰে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *