শিৱসাগৰত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতি, বৰপাত্ৰগোঁহাই মৈদাম সংৰক্ষণৰ আধাৰশিলা স্থাপন
‘ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’বই’: শিৱসাগৰত দৃঢ় মন্তব্য পীয়ুষ হাজৰিকাৰ
‘যিসকলে জনজাতিকৰণ সন্দৰ্ভত মিছা প্ৰচাৰ চলাইছে তেওঁলোকে ভয় খাইছে ৰাইজে বিজেপি দলক বেছি মৰম দিব বুলি’: পীয়ুষ হাজৰিকা
আজি ঐতিহাসিক শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ ইতিহাসপ্ৰসিদ্ধ কেন্দুগুৰি অঞ্চলত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ হাজৰিকা। বৰপাত্ৰগোহাঁই ডাঙৰীয়াসকলৰ মৈদামস্থলী সুৰক্ষিত কৰাৰ লক্ষ্যৰে তাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত অসম চৰকাৰৰ অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকৰ পুঁজিৰে চাৰিবেৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে। এই অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰিকাক সহযোগ কৰে বিধায়ক শ্ৰী সুশান্ত বৰগোঁহাই। এই স্থানতে ঐতিহাসিক মূল্য বিবেচনা কৰি আহোমসকলৰ প্ৰাচীন সম্পদ সংৰক্ষণৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লগতে, শিৱসাগৰৰ ৭ টা মৈদাম সংৰক্ষণৰ কাৰ্য আগন্তুক দিনত আৰম্ভ হ’ব বুলি তেওঁ কয়। মন্ত্ৰী হাজৰিকাই কয় – “অসমৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণ, উন্নয়ন আৰু সৌন্দৰ্য্যবর্ধনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ দৰ্শনীয়ভাৱে কাম কৰি আছে। আগন্তুক দিনতো আহোমসকলৰ ঐতিহ্য সংৰক্ষণ আৰু সমগ্ৰ উন্নয়ন অব্যাহত থাকিব।”
উল্লেখ্য যে,ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। তেওঁ কয় – ‘ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’বই।যিসকলে জনজাতিকৰণ সন্দৰ্ভত মিছা প্ৰচাৰ চলাইছে তেওঁলোকে কেৱল ৰাজনীতি কৰিব খোজে। ভোটৰ ভয়ত তেওঁলোকে এইবোৰ কথা অপপ্ৰচাৰ কৰি ফুৰিছে। তেওঁলোকে ভালে ৰাইজে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক বেছি মৰম দিব। গতিকে তেওঁলোকৰ চকুত টোপনি নোহোৱা হৈছে।