কংগ্ৰেছত আৰম্ভ টিকট কিনা-বেচাৰ ৰাজনীতি
ড০ পৰমানন্দ ৰাজবংশীয়ে শ্বেয়াৰ কৰা ফোন–টেপিঙে কঁপাই তুলিলে ৰাজ্যিক ৰাজনীতি
সংখ্যালঘু প্রাৰ্থীক টিকটৰ বাবে ১০ লাখ টকা আগধনৰ অভিযোগত কংগ্ৰেছ
নিৰ্বাচনৰ দিন চমু চাপিছে ঠিকেই, কিন্তু এই সংকটজনক সময়ত কংগ্ৰেছক পুনৰ অভ্যন্তৰীণ বিতৰ্কই কঁপাই তুলিছে। এইবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ফোন টেপিং। এই বিশেষ ফোন–টেপিঙটোৱে কংগ্ৰেছৰ ভিতৰৰ টিকট কিনা–বেচাৰ ৰাজনীতিৰ পৰা পৰ্দা আঁতৰাইছে। মঙ্গলদৈৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে স্বয়ং এই কলটোক সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতেই বিষয়টোৱে অসমৰ ৰাজনীতিত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে। উক্ত ফোন–টেপিঙটোৰ কথোপকথনত সংখ্যালঘু প্রাৰ্থীক টিকট দিবৰ বাবেই ১০ লাখ টকা আগধন দাবী কৰা কথা স্পষ্ট। কলটোৰ এফালে আছিল দিল্লীৰ এগৰাকী নাৰীৰ কণ্ঠ, আনফালে আছিল অসমৰ এজন টিকট দালাল কন্ঠ। এই বিশেষ ফোন–টেপিঙটোৱে কংগ্ৰেছৰ ভিতৰৰ অপ্ৰত্যাশিত বেপাৰৰ দৃশ্যটোক স্পষ্টকৈ দেখুৱাইছে।
উল্লেখযোগ্য যে, প্ৰথমে এই কলটোক ভুৱা বুলি ধাৰণা কৰা হৈছিল যদিও কংগ্ৰেছ নেতা আনৱাৰ হুছেইন লস্কৰে ৰকিবুল হুছেইনৰ ওপৰত দোষাৰোপ কৰি দলৰ টিকট বণ্টনত ধন–প্ৰভাৱৰ কথা প্ৰকাশ কৰাত, ফোন–টেপিঙটো সত্য বুলি ধাৰণা কৰা হয়। যিসময়ত বিজেপিক পৰাভূত কৰাৰ বাবে কংগ্ৰেছে পৰিকল্পনা প্ৰস্তুত কৰিব লাগিছিল, সেই সময়ত টিকেটৰ বেপাৰ মেলাটো দলটোৰ বাবে দুৰ্ভাগ্যজনক।
এই ঘটনাই কংগ্ৰেছৰ নেতৃত্বৰ ওপৰত প্ৰশ্ন তুলিছে – দলীয় টিকট কি আদৰ্শ আৰু যোগ্যতাৰ ভিত্তিত হ’ব, নে কেৱল টকাৰ বিনিময়তেই?