জুবিনৰ ভগ্নী ড০ পামী বৰঠাকুৰক টাৰ্গেট ৰাইজৰ দলৰ
আপোনালোকে নোৱাৰে থাকক, জুবিনৰ ন্যায়ত অখিল–গৌৰৱ–লুৰিণৰ সহায় ল’ম: ৰাইজৰ দলৰ কৰ্মী
জুবিন গাৰ্গৰ ন্যায়ক লৈ নিকৃষ্ট ৰাজনৈতিক খেল
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক কেন্দ্ৰ কৰি আৰম্ভ হোৱা বিতৰ্কই এতিয়া নিকৃষ্ট ৰূপ ধাৰণ কৰিছে। চাৰ্জশ্বীট প্ৰকাশৰ পাছতেই জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰায় প্ৰতিজন সদস্যকে লক্ষ্য কৰি ব্যক্তিগত আক্ৰমণ আৰম্ভ কৰিছে ৰাইজৰ দলৰ একাংশ কৰ্মীয়ে। জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গক সামাজিক মাধ্যমত লক্ষ্য কৰি চলোৱা নিৰ্লজ্জ আক্ৰমণৰ পাছতে এইবাৰ জুবিনৰ ভগ্নী ড০ পামী বৰঠাকুৰকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ পৰিয়ালে তদন্তৰ চাৰ্জশ্বীটখনক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ কথা স্পষ্টকৈ জনোৱাৰ পাছতেই একাংশ ৰাজনৈতিক নেতা আৰু দলীয় কৰ্মীয়ে পৰিয়ালটোক উদ্দেশ্য কৰি আক্ৰমণাত্মক ভাষা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। অখিল গগৈ, লুৰিণজ্যোতি গগৈ, দুলু আহমেদ আৰু ৰবি শৰ্মাৰ দৰে ব্যক্তিসকলে জুবিনৰ পৰিয়ালৰ অৱস্থানক লৈ বিভিন্ন সন্দেহ, অভিযোগ আৰু প্ৰশ্ন উত্থাপন কৰে। তাৰ পিছতে অখিল গগৈয়ে কোনো অভিযুক্তৰ পৰা সংগ্ৰহ কৰা বুলি কোৱা চাৰ্জশ্বীটৰ অংশ ভুল ব্যাখ্যাসহ সামাজিক মাধ্যমত আপলোড কৰি বিভ্ৰান্তি আৰু অপপ্ৰচাৰ অধিক তীব্ৰ কৰি তোলে।
ইয়াৰ মাজতে গৌৰৱ গগৈকে ধৰি একাংশই হঠাৎ জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ অভিযোগ উত্থাপন কৰে। কিন্তু এই সকলো অপপ্ৰচাৰৰ মুখ্য লক্ষ্য হৈ পৰে জুবিন গাৰ্গৰ পৰিয়াল। বিশেষকৈ জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। অহৰহ অপমান, নিন্দা আৰু মানসিক অত্যাচাৰৰ ফলত গৰিমা বাৰে বাৰে অসুস্থ হৈ পৰিছে বুলি পৰিয়ালৰ তৰফৰ পৰা স্পষ্টকৈ কোৱা হৈছে। এই প্ৰেক্ষাপটতে জুবিনৰ ভগ্নী ড০ পামী বৰঠাকুৰে অৱশেষত মৌনতা ভাঙি সামাজিক মাধ্যমত এটা প’ষ্ট দিয়ে। আৰু তাত তেওঁ স্পষ্ট ভাষাৰে উল্লেখ কৰে যে, “নকল অনুৰাগীৰ ভিৰ নকৰাই মংগলজনক। জুবিন গাৰ্গৰ পত্নী হোৱাটো সহজ নহয় আৰু যি পৰিমাণৰ চৰিত্ৰ হনন আৰু নিন্দা কৰা হৈছে, সেয়া কোনো সভ্য সমাজৰ বাবে লজ্জাজনক।”
কিন্তু এই প’ষ্টোত এগৰাকী ৰাইজৰ দলৰ কৰ্মীয়ে কৰা মন্তব্যই বিতৰ্কক নতুন দিশলৈ লৈ যায়। তেওঁ কমেন্টত কয় – “আমি নকল অনুৰাগী নহয়, হিমন্ত বিশ্বৰ নেৰেটিভত পৰি কাৰোবাক নকল অনুৰাগী বুলি কৈ দিয়াটো তেনেই সহজ। সকলোতকৈ আগত মনত ৰাখিব জুবিন দাৰ পৰিয়াল অসম। তেওঁ লগতে কয় – জুবিন দাৰ ন্যায়ৰ মাজত কাকো আহিবলৈ দিব নোৱাৰি, আপোনালোকে নোৱাৰে থাকক, আমি অখিল দাৰ সহায় লম, গৌৰৱ আছে, লুৰিন আছে, দুলু আহমেদ আছে, তেওঁলোকৰ সহায় লম, তেওঁলোক যদি বিক্ৰী যায়, অসমৰ ৰাইজ আছে, জুবিন দাৰ ন্যায় আমাৰ বাবে প্ৰথম, যি ৰহস্য আছে সকলো বাহিৰ কৰিম, চাই থাকক।” এই মন্তব্যৰ পিছত এতিয়া প্ৰশ্ন হয় – এয়া ন্যায়ৰ বাবে নে ৰাজনৈতিক স্বাৰ্থৰ বাবে? মৃত ব্যক্তিৰ নাম ব্যৱহাৰ কৰি ৰাজনীতি কৰাটো সচাঁকৈয়ে এক নিৰ্লজ্জ প্ৰচেষ্টা? জুবিন গাৰ্গৰ সংগীত, ব্যক্তিত্ব আৰু অৱদানক সন্মান কৰাৰ সলনি, তেওঁৰ পৰিয়ালক টাৰ্গেট কৰি এই অপ্ৰয়োজনীয় আক্ৰমণবোৰে অসমীয়া সমাজৰ বিবেকক গভীৰভাৱে আঘাত হানিছে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী ৰাজনৈতিক অস্ত্ৰ নহয়। সেই ন্যায়ৰ পথত যদি মানুহত্বেই হেৰুৱাই পেলাওঁ, তেন্তে সেই ন্যায়ৰ অৰ্থই বা কি থাকিল?