অসমৰ মুখ্যমন্ত্ৰী ইমান শক্তিশালী যে ইচ্ছা কৰিলে বাংলাদেশ উৰুৱাই দিব পাৰে: আকাশ শইকীয়া
মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস, বাংলাদেশী উৎখাতৰ বাবে তেজ দিবলৈও সাজু: আকাশ শইকীয়া
মুখ্যমন্ত্ৰীক উচ্ছেদ অভিযান অব্যাহত ৰখাৰ দাবী অসমীয়া যুৱ মঞ্চৰ
গুৱাহাটী: অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি দিনৰ ১১ বজাত দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত সংগঠনৰ সহ-সম্পাদক আকাশ শইকীয়াই ৰাজ্য আৰু দেশৰ সুৰক্ষাৰ প্ৰসংগত কঠোৰ মন্তব্য আগবঢ়ায়। বাংলাদেশত হিন্দু যুৱকৰ ওপৰত সংঘটিত হোৱা অমানৱীয় ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি শইকীয়াই কয় এই ধৰণৰ ঘটনা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। তেওঁৰ মতে, অসম তথা ভাৰতলৈ সংকটৰ সময় আহিছে। সংবাদমেলত তেওঁ বাংলাদেশী মানে হৈছে জেহাদী বুলি মন্তব্য কৰি অবৈধ অনুপ্ৰৱেশৰ অভিযোগ তোলে। প্ৰয়োজন হ’লে তেজ দিম, কিন্তু বাংলাদেশীক আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো বুলি তেওঁ তীব্ৰ মন্তব্য আগবঢ়ায়। লগতে, চলি থকা উচ্ছেদ অভিযান সন্দৰ্ভত তেওঁ কয়, যেনেদৰে উচ্ছেদ চলিছে, চলাই থাকক, চৰকাৰৰ লগত আমি আছো। উজনি অসমৰ চিন্তামণি অঞ্চলত বাংলাদেশীয়ে ভৰি পৰিছে বুলি অভিযোগ কৰি শইকীয়াই কয় যে অবৈধ বাংলাদেশী আহি চুৰি-ডকাইতিসহ বিভিন্ন অমানৱীয় ঘটনাত লিপ্ত হৈছে। সংবাদমেলত তেওঁ স্পষ্ট ভাষাৰে কয় – বাংলাদেশী খেদা আন্দোলনত চৰকাৰৰ লগত আমি আছো আৰু যি সহায় লাগে, আমি কৰিম।
আনহাতে, অসমীয়া যুৱ মঞ্চৰ সহ-সম্পাদক আকাশ শইকীয়াই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংশা কৰি কয় – অসমৰ মুখ্যমন্ত্ৰী ইমান শক্তিশালী যে তেওঁ ইচ্ছা কৰিলে বাংলাদেশ উৰুৱাই দিব পাৰে আৰু মুখ্যমন্ত্ৰীৰ ওপৰত সংগঠনৰ সম্পূৰ্ণ বিশ্বাস আছে। বাংলাদেশী মিঞা উৎখাতৰ বাবে তেজ দিবলৈও আমি সাজু।
অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ সংবাদমেলখনত উত্থাপিত এই মন্তব্যসমূহে ৰাজনৈতিক পৰিসৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।