শ্বহীদৰ তেজ খুৱা কংগ্ৰেছ, অসমক অবৈধ বোজা জাপি দিয়া কংগ্ৰেছে অসমৰ উন্নয়নৰ বাবে চিন্তা নকৰে কিয়?

অসমত কংগ্ৰেছৰ স্থিতি দুমুখীয়া, এনে পৰিস্থিতিত অসমৰ সাংসদ গৌৰৱ গগৈয়ে কিয় মৌন ব্ৰত ধাৰণ কৰে?

কংগ্ৰেছক তীব্ৰ সমালোচনা চুতীয়া জনগোষ্ঠীৰ নেত্ৰী কস্তুৰী চুতীয়াৰ

অসমৰ ৰাজনৈতিক প্রেক্ষাপটত পুনৰ এবাৰ কংগ্ৰেছৰ ভূমিকা লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন হোৱাৰ পাছতে ৰাজ্যজুৰি ব্যাপক সমালোচনা। মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হোৱাৰ পাছত শীতকালীন অধিবেশনত অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই পোনপ্ৰথমবাৰৰ বাবে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দাবী উত্থাপন কৰে। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সদনত এই দাবী উত্থাপন কৰা মাত্ৰেই কংগ্ৰেছ সাংসদসকলে বিশৃঙ্খল আচৰণ সৃষ্টি কৰি উত্তাল পৰিবেশৰ সৃষ্টি কৰে। কংগ্ৰেছৰ এনে আচৰণক তীব্ৰ সমালোচনা কৰে চুতীয়া জনগোষ্ঠীৰ নেত্ৰী কস্তুৰী চুতীয়াই। “শ্বহীদৰ তেজ খোৱা কংগ্ৰেছ, অবৈধ বোজা জাপি দিয়া কংগ্ৰেছ”— এনে কঠোৰ ভাষাৰে কংগ্ৰেছক কটাক্ষ কৰে চুতীয়া জনগোষ্ঠীৰ প্ৰভাৱশালী নেত্ৰী কস্তুৰী চুতীয়াই। তেওঁ প্ৰশ্ন কৰিছে— “অসমৰ উন্নয়ন, জনজাতিকৰণ সম্পৰ্কীয় ন্যায় দাবী, এই সকলোতে কংগ্ৰেছ মৌন কিয়? কংগ্ৰেছৰ দুমুখীয়া ৰাজনীতি।”

কস্তুৰী চুতীয়াৰ স্পষ্ট অভিযোগ – “অসমত কংগ্ৰেছৰ স্থিতি দুমুখীয়া। এনে দুমুখীয়া ৰাজনীতিয়ে আজি অসমৰ জাতিগত দাবীসমূহক সৰ্বাধিক ক্ষতি কৰিছে।” লগতে সাংসদ গৌৰৱ গগৈৰ নীৰৱতা লৈও তেওঁ প্ৰশ্ন তোলে – “অসমৰ সাংসদ গৌৰৱ গগৈয়ে এনে পৰিস্থিতিত কিয় মৌন ব্ৰত ধাৰণ কৰিছে? যি সময়ত অসমৰ ছয় জনগোষ্ঠীৰ ন্যায় জনজাতি স্বীকৃতিৰ প্ৰদানৰ কথা আহি পৰে, সেই সময়তে তেওঁলোকৰ মৌনতা কেনেকৈ বুজো?”

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *