গৌৰৱ গগৈৰ ঘনিষ্ঠ নেতা প্রফুল্ল কুমাৰ দাসৰ কংগ্ৰেছ ত্যাগ

সামাজিক মাধ্যম আৰু তথ্য-প্রযুক্তি বিভাগৰ অধ্যক্ষ আছিল দাস

গৌৰৱ গগৈৰ স্বৈৰচাৰিতাত অতীষ্ঠ হৈ দল ত্যাগ দাসৰ

নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ আন এক মোক্ষম আঘাত। গৌৰৱ গগৈৰ সবাতোকৈ বিশ্বাসযোগ্য তথা সোঁহাত স্বৰূপ নেতা প্ৰফুল্ল কুমাৰ দাসৰ আকস্মিকভাৱে দল ত্যাগৰ ঘোষণা। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সামাজিক মাধ্যম আৰু তথ্য-প্রযুক্তি বিভাগৰ অধ্যক্ষ পদৰ লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য আছিল প্ৰফুল্ল কুমাৰ দাস। শনিবাৰে প্ৰফুল্ল কুমাৰ দাসে আনুষ্ঠানিকভাৱে সভাপতি গৌৰৱ গগৈ লৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

প্ৰফুল্ল কুমাৰ দাসৰ আকস্মিক পদত্যাগে কংগ্ৰেছৰ মাজত দিশহাৰা পৰিস্থিতি আৰু উদ্বেগ বৃদ্ধি কৰিছে। প্ৰফুল্ল কুমাৰ দাস কেৱল বিভাগীয় মুখ নহয় – ডিজিটেল প্ৰচাৰ, অনলাইন সংগঠন, বুদ্ধিবৃত্তিক কনটেন্ট আৰু নিৰ্বাচনী কৌশলৰ ক্ষেত্ৰত তেওঁক বহুলভাৱে নিৰ্ভৰ কৰিছিল। তেওঁৰ উপস্থিতিত কংগ্ৰেছৰ অনলাইন উদ্যোগ, সামাজিক মাধ্যম অভিযান আৰু নিৰ্বাচনী প্ৰচাৰ বহু গুণে শক্তিশালী হৈ পৰিছিল। কিন্তু ২৬ৰ নিৰ্বাচনৰ পূৰ্বে দাসৰ এনে এক পদক্ষেপে কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাতৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, শেহতীয়াকৈ গৌৰৱ গগৈৰ সৈতে গুৰুত্বপূর্ণ বিষয়ত মতানৈক্য সৃষ্টি হোৱাৰ ফলতেই প্ৰফুল্ল কুমাৰ দাসে দল এৰাৰ সিদ্ধান্ত লয়। বিশেষ সূ্ত্ৰৰ মতে – গগৈৰ সিদ্ধান্তগ্ৰহণৰ ধৰণ, একাধিপত্যবাদী মনোভাৱ আৰু গুৰুত্বপূৰ্ণ আলোচনাৰ ক্ষেত্ৰত একপাক্ষিকতা দাসৰ অসন্তোষৰ মূল কাৰণ আছিল। আনহাতে, একাংশৰ মতে – ২৬ৰ নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছৰ মুখ্য দায়িত্বত থকা প্ৰফুল্ল কুমাৰ দাসৰ পদত্যাগে কংগ্ৰেছৰ নিৰ্বাচনী সমীকৰণত নিশ্চয়কৈ যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাব।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *