নগাঁও জিলাত অখিল গগৈৰ প্ৰৱেশ নিষিদ্ধ, চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

“অখিল গগৈ মুৰ্দাবাদ” ধ্বনিৰে মুখৰ সোণাৰী চাহ বাগিচা, প্ৰতিমূর্তি দাহ

চাহ শ্ৰমিকক ভূমি পট্টা প্রদানৰ সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা

নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰী শাখা চাহ বাগিচাত আজি এক উত্তেজনাপূৰ্ণ পৰিৱেশ সৃষ্টি হয়। চাহ শ্ৰমিকসকলে “অখিল গগৈ মুৰ্দাবাদ” ধ্বনি তুলি প্ৰতিবাদ সাব্যস্ত কৰে। বিধানসভাত চাহ শ্ৰমিকৰ বাবে ভূমি পট্টা প্ৰদানৰ বিষয়ে অখিল গগৈয়ে কৰা মন্তব্যক লৈ শ্ৰমিকসকলৰ অসন্তোষ তীব্ৰ হয়। এই মন্তব্যৰ পিছতেই নগাঁও জিলাৰ প্ৰায় সকলো চাহ বাগিচাত অখিল গগৈৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰে। সোণাৰী শাখা চাহ বাগিচাৰ প্ৰতিবাদত শ্ৰমিকসকল একত্ৰিত হৈ অখিল গগৈৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ প্ৰকাশ কৰে। শ্ৰমিকসকলৰ অভিযোগ – বহুদিন ধৰি শ্ৰমিকৰ হক-সুবিধাৰ কথা কওঁ বুলি অখিল গগৈয়ে নিজকে প্ৰচাৰ কৰিলে, কিন্তু বাগিচাৰ বাস্তৱ সমস্যাৰ সমাধানত তেওঁ উল্লেখযোগ্য কোনো ভূমিকা লোৱা নাছিল। শ্ৰমিকসকলৰ মন্তব্য – “চাহ শ্ৰমিকৰ কষ্ট-মৰমৰ সৈতে জড়িত এই ভূমিত ৰাজনীতিৰ নাটক চলিব নোৱাৰিব।” ইতিমধ্যে এই ঘটনাই চাহ বাগিচাত এটা নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰিছে। শ্ৰমিকসকল স্পষ্ট ভাবে কৈছে — যিয়ে শ্ৰমিকৰ অধিকাৰ ৰক্ষা কৰিব, শ্ৰমিকসকলে তেওঁৰ পক্ষে থাকিব; আৰু যিয়ে বিভাজন বা ভ্ৰান্ত তথ্যৰ ৰাজনীতি কৰিব, সেই ব্যক্তিক বাগিচাই গ্রহণ নকৰে।

অন্যফালে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ পদক্ষেপ গ্রহণ কৰাত কলিয়াবৰৰ চাহ শ্ৰমিকসকলে কৃতজ্ঞতা প্ৰকাশ কৰিছে। অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা শাখাই এক বিবৃতিত কয় — “এই ভূমি পট্টা বহুদিনৰ দাবী আছিল, মুখ্যমন্ত্ৰীয়ে সেই আশা পূৰণ কৰিলে। এজন শ্ৰমিকৰ বাবে এইটো অত্যন্ত গুরুত্বপূর্ণ পদক্ষেপ।” নগাঁও–কলিয়াবৰৰ আজিৰ এই ঘটনা চাহ শ্ৰমিক সমাজৰ ৰাজনৈতিক মনোভাৱত এক উল্লেখযোগ্য পৰিৱর্তনৰ সূচনাাৰ সংকেত দিয়ে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *