নিউজ ডেস্ক,৮ জুনঃ মায়া নগৰী মুম্বাইত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। শ্ৰদ্ধা ৱাকাৰৰ ঘটনা মাৰ নাযাওতেই পুনৰ হত্যাকাণ্ড। প্ৰেমিকে টুকুৰা টুকুৰ কৰিলে প্ৰেমিকাক। মুম্বাইৰ মীৰা ৰোডত সংঘটিত হৈছে এই হত্যাকাণ্ড। ৩২ বছৰীয়া লিভ ইন পাৰ্টনাৰক হত্যা কৰিলে ৫৬ বছৰীয়া মনোজ ৰেচনে। মৃতদেহটোৰ কেইবাটাও অংশ টুকুৰা টুকুৰ কৰি কুকাৰত সিজাইছিল মনোজে। মৃতদেহটো টুকুৰা-টুকুৰ কৰিবলৈ ব্যৱহাৰ কৰিছিল গছ কটা সামগ্ৰী। মীৰা ৰোডত দুয়োজনে যোৱা পাঁচ বছৰ ধৰি গীতা আকাশ দীপ ভৱনৰ জে শাখাত বাস কৰি আছিল। আৰক্ষীৰ তথ্য অনুসৰি মনোজ ৰেচন এটা ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰী আৰু পাঁচ বছৰ আগতে সৰস্বতীক তেওঁৰ কোম্পানীটোতে লগ পাইছিল। ফ্লেটটোৰ বাসিন্দাসকলে দম্পতীহালৰ ফ্লেটৰ পৰা ওলোৱা দুৰ্গন্ধৰ বিষয়ে নয়ানগৰ আৰক্ষীক অভিযোগ দিছিল। নয়ানগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল। আৰক্ষীৰ তদন্তৰ ভিত্তিতে উদ্ধাৰ হৈছিল গেলি যোৱা মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মনোজক।