বিয়ালৈ মাজত আছিল মাত্ৰ ১১দিন। চিঠিও ছপা কৰি উলিয়াই দুই এজন অতিথিক নিমন্ত্ৰণ দিয়া হৈছিল। কিন্তু হঠাতে যেন সকলো খেলি মেলি হৈ গ’ল। গুৱাহাটীত এটা সংবাদমাধ্যমত বাতৰি পৰিৱেশক হিচাপে কাম কৰা যুৱতীগৰাকীয়ে ল’লে জীৱনৰ চৰম সিদ্ধান্ত। সংবাদ প্ৰতিষ্ঠানটোৰ ভিতৰতে উদ্ধাৰ হ’ল যুৱতীগৰাকীৰ মৃতদেহ। পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।

কাৰ্যালয়ৰ কৰ্মচাৰীসকলে সদৰি কৰা তথ্য অনুসৰি, যোৱা ২৩নৱেম্বৰত পুৱাতেই ডিউটিলৈ আহিছিল যুৱতীগৰাকী। কিন্তু পুৱাতেই অফিচলৈ আহি নিশালৈকে ঘৰলৈ যোৱা নাছিল তেওঁ। অৱশেষত ৰাতিপুৱাৰ ভাগত তেওঁৰ নিথৰ দেহ উদ্ধাৰ হয় কাৰ্যালয়ৰ এটা কোঠাত। যুৱতীগৰাকীয়ে এখন চিঠিও লিখি থৈ গৈছে। চিঠিখনত লিখা হৈছে- সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত। সকলো ভালে থাকিব। চুইচাইড নোটত দেউতাকৰ ফোন নম্বৰটোও লিখি থৈ গৈছে তেওঁ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *