সামৰণি পৰিল দেশৰ অভিনয় জগতৰ এটি বৰ্ণিল অধ্যায়ৰ। জনপ্ৰিয় প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই ত্যাগ কৰিলে শেষ নিশ্বাস ৷ ‘বলীউডৰ হি-মেন’ খ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।মুম্বাইৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

বিগত কিছুদিন পূৰ্বে ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী । সূত্ৰই জনোৱা মতে, ধৰ্মেন্দ্ৰ ভেণ্টিলেটৰৰ সহায়ত আছিল আৰু সংকটজনক অৱস্থাত আছিল । তাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হয় তেওঁক আৰু ঘৰতে চিকিৎসা চলাই থকা হৈছিল ৷

তেওঁৰ অন্তিম মুহূৰ্তত পুত্ৰ ছানী দেওল আৰু ববী দেওল, পত্নী হেমা মালিনীকে ধৰি পৰিয়ালৰ সদস্যসকল উপস্থিত আছিল । তেওঁৰ বিয়োগে চিনেমা জগতলৈ শোকৰ ছাঁ কঢ়িয়াই আনিছে ৷ অনুৰাগীসকল দুখত ভাঙি পৰিছে । ষাঠি বছৰতকৈও অধিক সময় ধৰি ভাৰতীয় চিনেমাৰ এগৰাকী উজ্জ্বল তাৰকা হিচাপে জিলিকি আছিল ধৰ্মেন্দ্ৰ ।

অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে দেশবাসীক। অভিনেতাগৰাকীৰ বিয়োগত শোকপ্ৰকাশ কৰিছে প্রধানমন্ত্ৰী মোদীয়ে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *