ডিব্ৰুগড়ত মটক ছাত্ৰ সন্থাৰ সৈতে সাক্ষাৎ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
৬ জনগোষ্ঠী জনজাতিকৰণৰ সম্পৰ্কত ইতিবাচক সংকেত
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনক ধন্যবাদ মটক ছাত্ৰ সন্থাৰ

আজি ডিব্ৰুগড়ত উপস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ৬ জনগোষ্ঠী জনজাতিকৰণ প্ৰতিবেদনৰ মন্ত্ৰী গোটৰ সদস্য পীয়ুষ হাজৰিকা ডাঙৰীয়া। মটক ছাত্ৰ সন্থাৰ প্রতিনিধি দলৰ সৈতে এক বিশেষ সাক্ষাৎকাৰৰ লগতে জনজাতিকৰণ সম্পৰ্কতো বিস্তৃত আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে। মটক ছাত্ৰ সন্থাৰ দলটোক মন্ত্ৰী হাজৰিকাই জনজাতিকৰণৰ সম্পৰ্কত এটা ইতিবাচক দিশ অৱগত কৰে বুলি উল্লেখ কৰে। সাক্ষাৎকাৰত মটক ছাত্ৰ সন্থাই বৰ্তমানৰ চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰে। আৰু কয় – “জনজাতিকৰণ প্ৰক্ৰিয়াই অসমৰ কোনো জনজাতিক অসুবিধাত পেলাব নালাগে। সকলো খিলঞ্জীয়া আৰু থলুৱা লোকসকলৰ ভূমি-অধিকাৰ সুৰক্ষা নিশ্চিত কৰি ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা উচিত।” মন্ত্ৰী পীয়ুষ হাজৰিকাই মটক ছাত্ৰ সন্থাৰ দাবীক অত্যন্ত ইতিবাচকভাৱে গ্ৰহণ কৰে। তেওঁলোকে কয় – ভাৰত চৰকাৰ আৰু অসম চৰকাৰ দুয়ো মিলি দীর্ঘদিনীয়া সমস্যাটোৰ সমাধানৰ দিশে আগবাঢ়িছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ নীতি একেবাৰে স্পষ্ট: অধিকাৰ দিয়া হ’ব, কিন্তু কোনো থলুৱা জনজাতিৰ সুৰক্ষা হানি নহ’ব।

এই সিদ্ধান্তৰ পিছতে ৬ জনগোষ্ঠীৰ লোকসকলৰ মাজত আশাৰ নতুন দিশ সৃষ্টি হৈছে। তেওঁলোকৰ বিশ্বাস যে অনাগত দিনত জনজাতিকৰণ প্ৰক্ৰিয়া এক দ্ৰুত আগবঢ়োৱা পদক্ষেপ হ’ব। লগতে, মটক ছাত্ৰ সন্থাই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি কয় -বিধানসভাই বিষয়টো গৌৰৱৰ সৈতে গৃহীত কৰাটোৱেই এক বৃহৎ সফলতা। আনহাতে, মটক ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰে যে বৰ্তমান চৰকাৰৰ দিনতেই ৬ জনগোষ্ঠী জনজাতিকৰণ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত অনুমোদন আগবঢ়াব। জনজাতি-অধিকাৰ, থলুৱা সুৰক্ষা আৰু ৰাজ্যিক পৰিচয় ৰক্ষাৰ দিশে আজিৰ এই আলোচনা ইতিবাচক ইতিহাস হিচাপে থাকিব।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *