লুৰিণজ্যোতি গগৈৰ ‘কয়লা ছিণ্ডিকেট প্ৰসংগ’ক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা
সামাজিক মাধ্যমত সৰব চৰ্চা চলিছে কয়লা ছিণ্ডিকেটত লিপ্ত হ’ব খোজা অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈৰ প্ৰসংগ। কেইদিনমান পূৰ্বে ৰাজ্যত কয়লা ছিণ্ডিকেট চলি আছে বুলি সংবাদমেল পাতি আস্ফালন কৰিছিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। সংবাদমেলৰ পাছতেই উন্মোচিত হৈছিল কয়লাৰ ক’লা দাগেৰে কেনেকৈ লুটুৰি পুটুৰি হ’ব খুজিছিল লুৰিণজ্যোতি গগৈয়ে। ৰাজ্যৰ কাৰেণ্ট ট্ৰেণ্ড নামৰ এটা ৱেব পৰ্টেলে সংবাদ পৰিবেশন কৰিছিল কেনেকৈ কয়লা ছিণ্ডিকেটৰ ললি পপ খাব বিছাৰিছিল অসমীয়াৰ আবেগ বুটলি আঞ্চলিকতাবাদৰ ধ্বজ্জ্বা উৰুৱাব খোজা মুখা পিন্ধা এইসকল ভণ্ড ৰাজনৈতিক নেতাই। উক্ত সংবাদটো পৰিবেশন কৰাৰ পিছতেই সৰব চৰ্চা চলিছে সামাজিক মাধ্যমত। সংবাদমেল পাতি চাফাই গাব খোজা লুৰিণজ্যোতি গগৈয়ে জনচক্ষুৰ আৰঁত কিমান নিকৃষ্ট কাণ্ড কৰিব বিছাৰিছিল তাকে উন্মোচিত কৰিলে কাৰেণ্ট ট্ৰেণ্ড নামৰ ৱেব পৰ্টেলটোৱে। তেওঁলোকে তথ্যসহকাৰে প্ৰকাশ কৰে যে, কয়লা ছিণ্ডিকেটৰ নামত উজনিৰ এগৰাকী বিধায়কৰ পৰা মাহে ডেৰ কোটিকৈ টকা বিছাৰিছিল লুৰিণজ্যোতি গগৈয়ে। সম্প্ৰতি বৈধ ভাৱে চলি থকা কয়লা ব্যৱসায়ত কোটিৰ ঘৰত এক প্ৰকাৰ অবৈধভাৱে গুণ্ডা টেক্স বিছাৰিছিল আঞ্চলিকতাবাদী নেতা লুৰিণজ্যোতি গগৈয়ে। দাবী কৰা ধন নোপোৱাৰ বাবে সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰি লগতে সংবাদ মাধ্যক দোষাৰূপ কৰি সাংবাদিকৰ আগত গগণ ফলা আস্ফালন কৰিছিল মিঠ্যাচাৰী নেতা গৰাকীয়ে। শেহতীয়াকৈ সামাজিক মাধ্যমত এক প্ৰকাৰ সমালোচনাৰ সন্মূখীন হৈছে আঞ্চলিকতাবাদী ৰাজনৈতিক দলটো। অসমৰ সাধাৰণ ৰাইজৰ আস্থা হেৰুৱাৰ ভয়ত দলৰ সভাপতিৰ এনে কু-কৰ্মৰ চাফাই গাবলৈ সামাজিক মাধ্যমত সক্ৰিয় দেখা গৈছে অজাপৰ মুখপাত্ৰ জীয়াউৰ ৰহমানৰ। সামাজিক মাধ্যমযোগে সভাপতিগৰাকী এনে ছিণ্ডিকেটত জড়িত হ’ব খোজা নাছিল বুলি মন্তব্য কৰি কোনো তথ্য নোহোৱাকৈ আবুল তাবুল বকিছে দলৰ মুখপাত্ৰ জীয়াউৰ ৰহমানে।
ক’লা দাগ বগা কৰিব খোজা মুখপাত্ৰগৰাকীক সামাজিক মাধ্যমতে উন্মোচিত কৰিছে তেওঁ কৰি অহা লেতেৰা দাগবোৰৰ কথা। এসময়ত বদৰুদ্দিন আজমলৰ হৈ দালালি কৰাৰ অভিযোগ উঠিছে আঞ্চলিকতাবাদৰ চোলা পিন্ধা, মিঠ্যাচাৰৰ মুখা পিন্ধা এই গৰাকী ন-ৰাজনৈতিক নেতাৰ বিৰুদ্ধে। তেখেতৰ ভিডিঅ’তে এনে অভিযোগৰ কথা প্ৰকাশ কৰি কমেণ্ট কৰিছে ললিত কলিতা নামৰ এজন লোকে। ৰাজনীতিৰ সুৱাদ ল’বলৈকে ধৰ্মীয় গুৰামিৰে ৰাজনীতি কৰা আজমলৰ আশীষপুষ্ট হৈ বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰখনত আঞ্চলিকতাবাদৰ গুৰিধৰুতা হোৱাৰ স্বপ্নৰে লেতেৰা ৰাজনীতিত নামিছে এই গৰাকী তথাকথিত নেতা জীয়াউৰ ৰহমানে। চাফাই গাই নিজৰ ভৰিতে নিজে কোঠাৰ মাৰি লৈছে ভণ্ড নেতাজনে। প্ৰণৱ গোস্বামী নামৰ এজন লোকৰ কমেণ্টৰ জড়িতে উত্থাপন হৈছে সাংবাদিক হিচাপে তেখেতে সংঘটিত কৰি অহা বহুতো ক’লা অধ্যায়ৰ কথা। দাবী কৰা ডেৰ কোটিৰ চাফাই গাবলৈ গৈ এতিয়া পদে পদে বিপদত পৰিছে লুৰিণজ্যোতি সহ দলীয় মুখপাত্ৰ জীয়াউৰ ৰহমান। বিভিন্ন জনে কমেণ্টৰ জৰিয়তে উত্থাপন কৰিছে বহুতো অভিযোগ। লগতে এতিয়া সাধাৰণ ৰাইজৰ মাজতো উত্থাপন হৈছে কোটি টকীয়া প্ৰশ্নৰ। ৰাইজৰ আবেগত ধাল হিচাবে লৈ আঞ্চলিকতাবাদৰ নামত নতুন দল খুলি আচলতে কি কৰি আছে লুৰিণজ্যোতি গগৈ এণ্ড কোম্পানীয়ে? ৰাইজৰ আগত ধূৱা তুলসীৰ পাতত হ’ব খুজিছে নেকি ন-ৰাজনৈতিক দল অজাপই? নিজৰ দলৰ অৰ্থনৈতিক ভেতি টনকিয়াল কৰিবলৈকে অবৈধ ভাৱে ধন ঘটাত উঠি পৰি লাগিছে নেকি দলটোৱে? উন্নয়নৰ চিন্তা কৰা, নতুন প্ৰজন্মৰ নিযুক্তিৰে আকাশ চুব খোজা বৰ্তমানৰ চৰকাৰখনক কেৱল ৰাজনৈতিক স্বাৰ্থতে যিকোনো ক্ষেত্ৰত হকে-বিহকে টানি আনি অনৰ্থক বিষয় বাহুল্য কৰাত নামি পৰিছে নেকি লুৰিণজ্যোতি এণ্ড কোম্পানীয়ে? নে সম্প্ৰতি নিস্ক্ৰিয় হৈ থকা দলটোক যিকোনো প্ৰকাৰে সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত Name এণ্ড Fame লাগে। এতিয়া এনে হাজাৰটা প্ৰশ্নৰে সন্দিহান কোটি কোটি জনগণ সন্দেহত অজাপ…