◼️মুছলমান প্ৰীতিৰে লক্ষ লক্ষ টকা লুণ্ঠনৰ ফান্দ
◼️নীতি শিক্ষা দি ফুৰা অজিত কুমাৰ ভূঞাৰ কাণ্ডত চাঞ্চল্য
◼️সাংসদ পুঁজিৰ ধন আৱণ্টন দি ব্যাপক লুণ্ঠন
◼️কেতিয়া গ্ৰেপ্তাৰ হ’ব অজিত কুমাৰ ভূঞা!
◼️অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে হাজোত তীব্ৰ প্ৰতিবাদ

মুছলমান বিধায়কৰ সমৰ্থনত আৰু কট্টৰ বদৰুদ্দিন আজমলৰ বদান্যতাত ৰাজ্যসভাৰ সাংসদ হোৱা অজিত কুমাৰ ভূঞাই সাংসদ পুঁজিৰে পথ নিৰ্মাণৰ নামত ভয়াবহ দুৰ্নীতি সংঘটিত কৰিছে৷ ৰাজ্যত সাংসদ পুঁজিৰ ধন আৱণ্টন দি ব্যাপক দুৰ্নীতি লুতুৰি-পুতুৰি হৈছে জাতীয়তাবাদৰ ৱেশধৰা অজিত কুমাৰ ভূঞা। অজিত কুমাৰ ভূঞাৰ চত্ৰছায়াতে সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী। যি কেলেংকৰাৰীয়ে অজিত কুমাৰ ভূঞাৰ মুখাৰ আঁৰৰ মুখ খন খুলি দিছে৷ বাৰে বাৰে সংবাদমেল পাতি আনক নীতি শিক্ষা দিয়া অজিত কুমাৰ ভূঞাই যে অৰ্থ সৰ্বোচ্ছ আৰু মুখা পিন্ধা ভণ্ড নেতা সেই কথা প্ৰমাণ হৈছে। মুছলমান অধ্যুষিত এলেকাৰ প্ৰতি দৰদ এইগৰাকী সাংসদে মুছলমান এলেকাত ধন আৱণ্টন দি নিজৰ পকেট গৰম কৰিছে। এফালৰ পৰা গোটে গোটে গিলিছে চৰকাৰী ধন। টেলিভিচনত ৰাজনৈতিক নেতাক গালি পাৰি তলে তলে তেজ শুহি খাইছে সাধাৰণ খাতি খোৱা লোকৰ।সাংসদ পুঁজিৰ ধন গো-গ্ৰাসে গিলাৰ অভিযোগ উত্থাপন হোৱা এইগৰাকী সাংসদ অজিত কুমাৰ ভূঞাক গ্ৰেপ্তাৰ কৰিব নে নাই৷ চকচকীয়া পথ নহয় চকচকীয়া নোট লাগে সাংসদ অজিত কুমাৰ ভূঞাক। সাংসদ পুঁজিৰ ধন আৱণ্টনত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই। ঘনিষ্ঠ ঠিকাদাৰক ঠিকা প্ৰদান কৰি অস্তিত্বহীন কামৰ নামত কেইবা কোটি টকা মোকলাই নিয়ে৷ দুৰ্নীতি পৰায়ন ঠিকাদাৰে জালিয়াটিৰে লুণ্ঠন কৰে কোটি কোটি টকা। সাংসদগৰাকীৰ ঘণিষ্ঠ ঠিকাদাৰে ফটোছপত ফটো সম্পাদনা কৰি বিভাগক কাম সম্পূৰ্ণ কৰা বুলি দেখুৱাই উলিয়াই নিয়ে কৌটি-কৌটি টকা। হাজোৰ হাবলাখা অঞ্চলতে প্ৰায় ৪টা পথ নিৰ্মানৰ বাবে সাংসদ পুঁজিৰ পৰা দিছিল ৪৮ লাখ টকা। ২০২২-২৩ বৰ্ষত অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ মুঠ ৬ কোটি ৮৬ লাখ টকা আৱণ্টন দিয়া হয়৷ কিন্তু এই ধনেৰে কৰা কামত দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে৷ হাজোৰ এই দুটা পথত এচপৰাও মাটি নেপেলোৱাকৈ কম্পিউটাৰত ভুৱা ফলক সম্পাদনা কৰি ৩০ লাখ টকা উলিয়াই নিয়ে দুৰ্নীতি পৰায়ন ঠিকাদাৰে। কিন্তু প্ৰশ্ন হৈছে অজিত কুমাৰ ভূঞাৰ সন্মতি নহ’লে ঠিকাদাৰে ধন উলিয়াই নিব পাৰিবনে? অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে হাজোত তীব্ৰ প্ৰতিবাদ। আনৰ বিৰুদ্ধে জিন্দাবাদ-মুৰ্দাবাদ শ্ল’গান দিয়া অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে ৰাইজে মুৰ্দাবাজ ধ্বনি দিয়ে৷ কিয়নো ৰাইজে এই কেলেংকাৰীত অজিত কুমাৰ ভূঞা জড়িত থকা বুলি অভিযোগ আনিছে? পথ পৰিদর্শন নকৰাকৈ ঠিকাদাৰক ধন মোকোলাই দিয়া হ’ল সেই কথাক লৈ নাৰাজ ৰাইজ৷ অজিত ভূঞাৰ সাংসদ পুঁজিৰ অধিকাংশ ধন ব্যৱহাৰ হৈছে কামৰূপ জিলা আৰু কামৰূপ মহানগৰ জিলাৰ বিভিন্ন ঠাইত। সাংসদ অজিত কুমাৰ ভূঞাৰ আমূলতে কোনো নিৰ্মাণ সমিতি নোহোৱাকৈ ভুৱা নিৰ্মাণ সমিতিৰ নথি দাখিল কৰি চলালে লুণ্ঠন। মুছলমান অধ্যুষিত এলেকাত হিন্দুৰ নাম ব্যৱহাৰ। দাস-কলিতাৰ নামেৰে নিৰ্মাণ সমিতি গঠন। ১০০ শতাংশ মুছলমান এলেকাত সাংসদ পুঁজিৰ ধন পৰ্দান কৰাই নহয় দুৰ্নীতি কৰিবলৈ নিৰ্বাচিত কৰিছে মুছলমান এলেকা৷ আনহে নালাগে ১০০ শতাংশ মুছলমান লোক অধ্যূষিত এলেকাত হিন্দুৰ দাস-কলিতাৰ নাম ব্যৱহাৰ কৰি নিৰ্মাণ সমিতি গঠন কৰা হৈছে৷ নিৰ্মান সমিতিত সভাপতি সম্পাদকৰ নাম সন্নিৱিষ্ট কৰি ধন লুটিছে অজিত কুমাৰ ভূঞাৰ ঘনিষ্ঠই। এনেকৈ ২০২২-২৩ বিত্তীয় বৰ্ষত ভূঞাৰ সাংসদ পূজিৰ ধন ঠিকাদাৰৰ সৈতে লুটিলে লাখ-লাখ টকা। কিন্তু স্থানীয় ৰাইজৰ প্ৰশ্ন৷ দুৰ্নীতিৰ নায়ক সাংসদ অজিত কুমাৰ ভূঞা গ্ৰেপ্তাৰ হ’ব কেতিয়া?

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *