◼️ঠিকাদাৰ-অভিযন্তাৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ
◼️সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে মূর্দাবাদ ধ্বনি
◼️সমগ্ৰ বিষয়টো চিএম ভিজিলেন্সৰ তদন্ত
সৰিয়হৰ দুলিতে ভূত! দুৰ্নীতিৰ বিৰুদ্ধে সততে সৰৱ খোদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধনত ব্যাপক দুৰ্নীতি। এমপিএলএডি ফাণ্ডৰ দ্বাৰা ৰূপায়ণ কৰিবলৈ লোৱা পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি-অনিয়মৰ পোহাৰ মেলি কামৰূপ জিলাৰ হাজো বিধানসভা সমষ্টিত ব্যাপক লুণ্ঠনৰাজ চলোৱা কৰ্ম-কাণ্ড পোহৰলৈ অহাত সম্প্ৰতি ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পথ নিৰ্মাণৰ আঁচনিক এতিয়া ধন ঘটাৰহে আহিলালৈ পৰ্যবসিত কৰিবলৈ লৈছে বুলি অভিযোগ উত্থাপন কৰিছে হাজোৰ ৰাইজে। কিয়নো কাম নকৰাকৈ লাখ লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে ৰাইজে। তাৰেই জলন্ত নিদৰ্শন হিচাপে চিহ্নিত হৈ পৰিছে হাজো বিধানসভা সমষ্টিৰ ছয়টাকৈ গ্ৰাম্য পথ। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ আবণ্টিত ধনেৰে হাজোৰ ছয়টা পথ নিৰ্মাণত দেখ দেখকৈ ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, হাজো বিধান সভা সমষ্টিৰ অন্তৰ্গত হাবলাখাৰ ৬ নং উপপথ নিৰ্মাণৰ বাবদ ১৬ লাখ, চৰাবড়ী কালী মন্দিৰ-নতুন চুপা পথৰ বাবদ ১৫.৬০ লাখ, উত্তৰ কামৰূপ হাইস্কুল চ’ক নৈৰ পাৰ পথৰ বাবদ ১৬ লাখ, শৌলমাৰী ৰবিবৰীয়া বজাৰৰ পৰা জালিয়ত আলীৰ ঘৰলৈ যোৱা পথ নিৰ্মাণৰ বাবদ ১৫ লাখ, ৰতনপুৰ মাদ্ৰাছাৰ পৰা ভেলকৰ পথ নিৰ্মাণৰ বাবদ ১৪.৫০ লাখ আৰু পশ্চিম হাবলাখা ইএনডি-বৰ্ণি সংযোগী পথ নিৰ্মাণৰ বাবদ ১৪ লাখ টকা আবণ্টিত হয়। প্ৰাপ্ত অভিযোগ অনুসৰি, এই কেইটা পথ নিৰ্মাণৰ ক্ষেত্ৰত আবণ্টিত ধনৰ বিপৰীতে কোনো কামৰে অস্তিত্ব বিচাৰি পাবলৈ নাই। এই পথ কেইটা নিৰ্মাণৰ বাবে আবণ্টন লাভ কৰিছিল ঠিকাদাৰ অৰূপ কলিতাই। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে বিভাগীয় কৰ্তৃপক্ষই এটাও কামৰ চৰজমিন তদন্ত নকৰাকৈ কিয় মোকলাই দিলে লাখ লাখ টকা। পথ কেইটা নিৰ্মাণত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ দৃষ্টান্ত হাঁহ চোৰৰ মূৰত পাখিৰ দৰে খোদ পথ কেইটি নীৰৱ সাক্ষী হৈ আছে। কাৰ জেপত সোমাল লাখ লাখ টকা ,ঠিকাদাৰ অৰূপ কলিতাৰ বিভাগীয় বিষয়া-অভিযন্তাৰ উপৰি সাংসদ অজিত কুমাৰ ভূঞাৰ সৈতে কিবা গোপন বুজা-পৰা আছে নেকি –ইয়াকে লৈ ৰাইজৰ মাজত চলিছে ব্যাপক চর্চা। ইফালে ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱা পথ কেইটাৰ বাতৰি সংগ্ৰহ কৰিবলৈ সাংবাদিকৰ আগমনৰ উমান পাই ততাতৈয়াকৈ পুনৰ মাটি পেলোৱা পৰিলক্ষিত হৈছে। তেনে সময়তে
কালি বিয়লি হাজোৰ হাবলাখাৰ একাংশ ক্ষোব্ধ ৰাইজে ৰাজপথলৈ ওলাই আহে আৰু দুৰ্নীতিকাৰী ঠিকাদাৰ কলিতা মূর্দাবাদ, সাংসদ পুঁজিৰ দুৰ্নীতিৰ তদন্ত কৰক, সাংসদ অজিত ভূঞা মূর্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। ক্ষোভিত ৰাইজৰ অভিযোগ
অনুসৰি, উল্লিখিত কোনোটো পথৰে নাম ফলক পাবলৈ নাই। অন্যহাতে প্ৰতিটো কামৰ বাবে পৃথকে পৃথকে নিৰ্মাণ সমিতি থাকিব লাগে যদিও উল্লিখিত পথ কেইটিৰ নাম মাত্ৰ কাম এখন নিৰ্মাণ সমিতিয়ে কৰিছে বুলিও স্থানীয় ৰাইজে অভিযোগ তুলিছে। এই ক্ষেত্ৰত ৰাইজে চৰজমিন তদন্ত কৰি লুণ্ঠনকাৰী চক্ৰটোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
ইফালে উক্ত পথ কেইটি নিৰ্মাণৰ ক্ষেত্ৰত ভেকোভাওঁনা কৰি সমূদায় ধন ঠিকাদাৰ-অভিযন্তাই গো-গ্ৰাসে আত্মসাত কৰা ঘটনা অসমৰ মুখ্যমন্ত্ৰীয়ে অৱগত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী বিশেষ দুৰ্নীতি নিবাৰক শাখাৰ জৰিয়তে তদন্ত ঘোষণা কৰে। সেই অনুসৰি আজি দুপৰীয়া
চি এম ভিজিলেন্সৰ এটি দল চৰজমিন তদন্তৰ বাবে হাজোলৈ আহে আৰু উক্ত পথ কেইটিৰ মেৰামতিৰ কোনো চিন-মোকাম নেদেখি হতবাক হৈ পৰে। এই তদন্তৰ জৰিয়তে লুণ্ঠনকাৰী চক্ৰটোৰ বিৰুদ্ধে অনাগত দিনত কি পদক্ষেপ গ্ৰহণ কৰা হয় সেয়া নিঃসন্দেহে লক্ষণীয় হ’ব।