সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও সদৰ সমিতিৰ উদ্যোগত দেওঁবাৰে কাটিমাৰি গ্ৰান্টৰ ৰঙাগড়া হুজগাওঁ পঞ্চায়তৰ এ পি জে আব্দুল কালাম সমূহীয়া ভৱন প্ৰাংগনত অপৰাধ মুক্ত সমাজ গঢ়াৰ আহ্বানত ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে তথা ঘৰুৱা হিংসা প্ৰতিৰোধৰ হকে এখনি গণ সচেতনতা সভা অনুষ্ঠিত কৰা হয় । প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱাই পৰিচালনাত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্যে ব্যাখ্যা কৰে সন্থাৰ নগাঁও সদৰ সমিতিৰ সম্পাদিকা মালবিকা বৰাই । গাম্ভীৰ্যপূৰ্ণ সভাখনিত বে-চৰকাৰী সংস্থা জিলা মহিলা কোষৰ প্ৰিন্সি বৰুৱা, শিশু বিশেষ কোষৰ( চাইল্ড ইন্ নিড ইনষ্টিটিউটৰ) মৰমী শইকীয়া, প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগম, সমাজ সেৱিকা ফাটেমা খাতুন আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্ত উপস্থিত থাকে । সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে ড্ৰাগছ আৰু সুৰাই অপৰাধজনিত ঘটনা সমূহ বৃদ্ধি ঘটাত অধিক সহায় কৰিছে বুলি উল্লেখ কৰে । লগতে এই অপৰাধত বিশেষ ভাৱে মহিলা আৰু শিশু সকল আক্ৰান্ত হোৱাৰ লগতে ঘৰুৱা হিংসাৰ দৰে ঘটনাৰ বৃদ্ধি ঘটিছে বুলি দাবী কৰি এনে অৱস্থাৰ অৱসান ঘটাবলৈ হ’লে জনসাধাৰণৰ সজাগতা আৰু যুৱ সমাজৰ জীৱন-জীৱিকাৰ অধিকাৰৰ হকে সংগ্ৰাম কৰাৰ একান্ত প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য প্ৰদান কৰে। সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ডেৰ শতাধিক মহিলাই অংশগ্ৰহণ কৰে৷