‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দলত যোগদান কৰাৰ পৰাই দলটো এটা বৃহৎ শক্তিলৈ পৰিৱৰ্তন হ’ল’

বিজেপি দলত নাই কোনো ন-পুৰণি, আমি সকলো দলৰ বাবে সমৰ্পিত একো একোজন কাৰ্যকৰ্তা। দলৰ সকলোৱে একগোট হৈ ৰাইজৰ বাবে কাম কৰিব লাগে। আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে দলৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই। শেহতীয়াকৈ ন-পুৰণি বিজেপি সন্দৰ্ভত চলি থকা চৰ্চাত মন্তব্য কৰি দলৰ সভাপতিগৰাকীয়ে কয় যে, দলৰ সভাপতি হ’লেও ৯০ দশকৰ পৰা দলৰ এজন কাৰ্যকৰ্তা হিচাপে দলীয় অনুশাসন মানি দল তথা ৰাইজৰ বাবে কাম কৰি আহিছোঁ। যিসময়ত মানুহে বিজেপিক এটা ৰাজনৈতিক দল বুলি গুৰুত্ব দিয়া নাছিল সেইসময়ৰ পৰাই বহু কষ্টৰে কাম কৰি যোৱাৰ ফলত আজিৰ এই অৱস্থাত উপনিত হৈছে। ভাৰতবৰ্ষ তথা অসমৰ জনগণৰ আশীৰ্বাদৰ ফলত দলে আজি এই পৰ্যায় লাভ কৰিছে। বিজেপিত নাই কোনো ন-পুৰণি, দলৰ প্ৰতিটো কামৰ বাবে কাৰ্যকৰ্তা, প্ৰতিজন কাৰ্যকৰ্তাৰ বাবে কাম। এনে মানসিকতাই দল পৰিচালিত হৈ আছে। মাজে সময়ে দুই এজন ব্যক্তিয়ে বিজেপিৰ অন্তঃকন্দল সন্দৰ্ভত দিয়া মন্তব্যৰ প্ৰত্যুত্তৰত তেওঁ কয় যে, দলত কোনোধৰণ তেনে সংঘাত নাই। সুন্দৰভাৱে দল পৰিচালিত হৈ আছে আৰু চৰকাৰেও সুন্দৰকৈ ৰাইজৰ বাবে কাম কৰি আছে।
লগতে তেওঁ কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ভাৰতৰ নিৰ্বাচন আয়োগে সম্পন্ন কৰিছে। ভাৰতৰ নিৰ্বাচন আয়োগ এটা স্বতন্ত সংস্থা। বিষয়টোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিৰ্তকৰ মাজলৈ অনাহকত টানি অনাটো ভাল কথা।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিজন বিধায়ক, বিষয়-ববীয়া, মন্ত্ৰী, সাংসদ সকলোকে সময় দিয়ে। দলৰ কামকাজ কি দৰে পৰিচালিত হৈ আছে সকলো খবৰ নিজাববীয়াকৈ ৰাখে। যিমানেই নকওক কিয় চৰকাৰ, দল সুন্দৰকৈ পৰিচালিত হৈ আছে। আজি দলৰ জ্যেষ্ঠ নেতাৰ এটা দলে ৰাজ্যিক সভাপতিগৰাকীক সাক্ষাৎ কৰি তাকেই দোহাৰে। ৰাজ্যিক সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, দলত যিসকলে যোগদান কৰে সকলোকে সন্মানীত কৰি দলীয় দায়িত্ব প্ৰদান কৰিবই লাগিব। ৯০দশকৰ কেইজন মান বিজেপিৰে আজি চৰকাৰ গঠন কৰিব নোৱাৰিলো হয় বুলি মন্তব্য কৰে সভাপতিগৰাকয়ে। ২০১১ চনত দলত সৰ্বানন্দ সোণোৱাল যোগদান কৰাৰ লগে লগে দলে এটা শক্তি পালে। ২০১৫ চনত যেতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দলত যোগদান কৰিলে তেতিয়া এটা বৃহৎ শক্তিলৈ পৰিৱৰ্তিত হ’ল। এই শক্তিৰ দ্বাৰাই আমি দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছো। তেনেস্থলত বিজেপি দলত ন-পুৰণিৰ কোনো কথা নাই বুলি মন্তব্য কৰে দলৰ সভাপতিগৰাকীয়ে। বিজেপিত দেশেই সৰ্বোচ্ছ গতিকে সকলোৱে একগোট হৈ ৰাষ্ট্ৰৰ হিতৰ বাবে ৰাইজৰ বাবে কাম কৰিব লাগে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *