২০২২ চনত সৰভোগত অসম চৰকাৰৰ পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে,বিশ্ব মহাবীৰ চিলাৰায়ৰ ৩,৫০০ কিলোগ্ৰাম ওজনৰ ১০ ফুট ওখ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্ত্তি এটা উন্মোচন কৰিছিল,কিন্তু যোৱা কেইটামান মাহ ধৰি ব্যৱসায়ী এজনে ঘৰ বনোৱা কামত ব্যৱহাৰ হোৱা ইটা মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত ৰাখিবলৈ আৰম্ভ কৰে,যাৰবাবে আজি পুৱা সৰভোগৰ ব্ৰজসদনত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু),কোচ ৰাজবংশী লোকসংস্কৃতি সমিতি আৰু বৃহত্তৰ বৰনগৰ সচেতন ৰাইজৰ সহযোগত এখনি সাধাৰণ সভা অনুষ্ঠিত হ’য়,এই সভাত সংগঠন কেইটাৰ নেতা-কৰ্মী আৰু সৰভোগৰ ৰাইজ উপস্থিত থাকে,আনফালে সভাৰ শেষত বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমুৰ্তি সংৰক্ষন সমিতি বুলি এখন সমিতি গঠন কৰিব,এই সমিতিখনে প্ৰতিমুৰ্তিটোৰ সন্মুখত ইটা ৰখা কাৰ্য বন্ধ কৰিবলৈ ব্যৱসায়ীজনক আহ্বান জনোৱাৰ লগতে সকলো কামকাজ পৰিচালনা কৰিব৷

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *