নিউজ ডেক্স, ১০ ছেপ্টেম্বৰঃ কাইলৈ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিবেশন। পোন প্ৰথমবাৰৰ বাবে নৱনিৰ্মিত অসম বিধানসভা ভৱনত অনুষ্ঠিত হ’ব এই অধিৱেশন। আজি অধিবেশন সন্দৰ্ভত সাংবাদিকক সম্বোধন কৰি কেটবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই। সম্পূৰ্ণ নতুন সা-সুবিধাৰে অসম বিধানসভাৰ শৰৎকালীন অধিবেশনখন নৱনিৰ্মিত ভৱনত সুচাৰুৰূপে পৰিচালিত হ’ব বুলি আশ্বস্ত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকা। আগন্তুক অধিবেশনত প্ৰায় ২৩ খন বিল বিধানসভাত উত্থাপন কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। নিয়াৰিকৈ যাতে অধিবেশন সম্পন্ন হয় সকলো পক্ষক আহ্বান জনোৱাৰ লগতে বিৰোধী পক্ষৰ পৰা সহযোগীতা বিচাৰে মন্ত্ৰীগৰাকীয়ে। চৰকাৰৰ তৰফৰ পৰা বিৰোধী পক্ষক পূৰ্বৰ দৰেই সময় দিয়াৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। পঞ্চায়তীৰাজ সংশোধন বিল, কেইবাখনো মহাবিদ্যালয় বিশ্ব বিদ্যালয়লৈকে ৰূপান্তৰ কৰাকে ধৰি অন্যান্য বিভাগৰ কেইবাখনো গুৰুত্বপূৰ্ণ বিল অধিবেশনত উত্থাপন কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। দুদিনৰ ভিতৰত এইবিলসমূহ গৃহীত কৰাৰ বাবে সময় লোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।