ৰাইজে বুজি পাইছে অখিল গগৈৰ লগত মানুহ নথকাটোৱেই স্বাভাৱিকঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

নিউজ ডেক্স, ২৭ অক্টোবৰঃ অখিল গগৈয়ে কিছু দিন পূৰ্বে শিৱসাগৰত এখন সাংগঠনিক সভা কৰিছিল। ৰাইজৰ দলে সকলো ভাতৃ সংগঠন লগ হৈ শিৱসাগৰৰ চামগুৰিত অনুষ্ঠিত কৰা উক্ত সভাত তাত মাত্ৰ ৩৮ জন লোক উপস্থিত আছিল। দলৰ সাংগঠনিক এনে অৱস্থা দেখি অখিল গগৈ যথেষ্ট হতাশাত আছে। তেওঁৰ সভাত ৩৮ জন মানুহ দেখাৰ পাছত তেওঁ নিজেই হতাশ হৈছে। বিৰোধী ঐক্য মঞ্চৰ সভাত উপায়ন্তৰ হৈ চূড়ান্ত ত্যাগৰ কথা কৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিৰোধী ঐক্য মঞ্চৰ সভাত অখিল গগৈয়ে নিজৰ স্থিতি স্পষ্ট কৰা সন্দৰ্ভত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। আজি সাংবাদিকৰে হোৱা মত বিনিময়ত মন্ত্ৰীগৰাকীয়ে কয় যে, কিছুদিন পূৰ্বে মন্ত্ৰী পীযুষ হাজৰীকাক দক্ষ মন্ত্ৰী বুলি কৈছিল কিন্তু আজি আকৌ পীযুষ হাজৰীকায়েই কোম্পানী চলাই আছে বুলি কৈছে অখিল গগৈয়ে। বৰ্তমান নিজৰ কথাৰে স্থিতি স্পষ্ট নহয় অখিল গগৈৰ। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অখিল গগৈক কটাক্ষ কৰি কয় যে, শিৱসাগৰত অনুষ্ঠিত হোৱা পৰ্যটন বিভাগৰ অনুষ্ঠানলৈ অখিল গগৈক এজন বিষয়াই ফোন কৰি মাতিছিল। তেওঁ এজন বিধায়ক হয়, তেওঁ মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ নিমন্ত্ৰণ আশা কৰি থকাটো কেনেধৰণৰ কথা।
বিৰোধী ঐক্য মঞ্চৰ সভা সন্দৰ্ভত সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, লুৰিণজ্যোতি গগৈয়ে কিমান অংক জানে সেয়া মই নাজানো, কিন্তু বিগত সময়চোৱাত ২টা সমষ্টিৰ পৰা নিৰ্বাচন খেলি লুৰিণজ্যোতি গগৈ পৰাজয় হৈছে সেইটোহে জানো। বিৰোধী ঐক্য মঞ্চক তীব্ৰ সমালোচনা কৰি লগতে মন্ত্ৰীগৰাকীয়ে কয়, কোনো আদৰ্শ নথকা কেইটামান দল মিলি বিৰোধী ঐক্য অসম হৈছে। তেওঁলোকৰ একো লক্ষ্য উদ্দেশ্য নাই। অখিল গগৈ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, অখিল গগৈয়ে অকল নিজকে চিনি পায়, নিজৰ বাহিৰে বাকী কাকো চিনি নাপায়। আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত সাধাৰণ জনতাৰ সম্পূৰ্ণ আস্থা আছে। ২০২৪ত চাৰে এঘাৰটা সমষ্টিত বিজেপি জয়ী হোৱাৰ স্থিতি বাহাল আছে, বাকী আঢ়ৈটা সমষ্টিৰ বাবেহে কাম কৰিবলগীয়া আছে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *