নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ বাস্তৱত যদি ২০৪৭ চনলৈ দেশক বিকশিত কৰিব লাগে তেন্তে তাৰ মুখ্য আধাৰ হব নৱ প্ৰজন্ম। আৰু ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ ৰূপে গঢ়ি তোলাৰ দায়িত্ব হৈছে বিশ্ববিদ্যালয় সমূহৰ। এই বিশ্ববিদ্যালয় সমূহে সেইসকল মানৱ সম্পদ প্ৰস্তুত কৰে যি ভৱিষ্যতৰ ভাৰত নিৰ্মাণৰ আধাৰ হব। আজি কটন বিশ্ববিদ্যালয়ত প্ৰধানমন্ত্ৰী উচ্ছতৰ শিক্ষা অভিযান (পি.এম উষা) আঁচনিৰ উদ্ধোধনী উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই কথা সদৰি কৰে অসমৰ মাননীয় ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য্য গুলাব চান্দ কাটাৰিয়াই।
উল্লেখ্য যে প্ৰদানমন্ত্ৰী পি.এম উষাৰ অধিনত কটন বিশ্ববিদ্যালয়ে 20 কোটি টকা লাভ কৰিছে। জম্মূৰ পৰা ভাৰ্চৱেলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা এই অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে কটন বিশ্ববিদ্যালৰ পঞ্জীয়ক ড° অৰিণ্ডম গাৰ্গে ।
উক্ত অনুষ্ঠানত উপস্থিত থাকি অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কয় যে ৰাজ্য শিক্ষা ব্যৱস্থাৰ আন্তঃগাঁঠনিৰ উন্নয়নৰ বাবে চৰকাৰে অহৰহ প্ৰচেষ্ঠা চলাই আহিছে। কিন্তু অকল আন্তঃগাঁঠনিৰ উন্নয়নে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ স্বৰূপ সলনি কৰিব নোৱাৰো। এই ক্ষেত্ৰত অধ্যপক অধ্যাপিকা সকলেও বিশেষ দায়িত্ব গ্ৰহণ কৰিব লাগিব।
এই অনুষ্ঠানত কটন বিশ্ববিদ্যালৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাকে প্ৰমুখ্যে অধ্যপক অধ্যপিকা, কৰ্মচাৰী সকলৰ লগতে যথেষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।