‘যিয়ে কাম কৰে তেওঁলোকে কথা কম কয় আৰু যিয়ে কথা বেছি কয় তেওঁলোকৰ কামত ৰিজাল্ট নাই’- মন্ত্ৰী হাজৰীকা

কংগ্ৰেছ দলে যিয়েই এক্সন বনাওক লাগিলে ৰেপিড এক্সন ফৰ্চ বা ৱাৰ ৰুম বনালেও এইবোৰত একো লাভ নাই। এইবোৰ আচলতে বহুত পুৰণা শব্দ। ধাল-তৰোৱাল নোহোৱাকৈ ৱাৰ ৰুম বনাই কিবা লাভ আছে নেকি? আজি সাংবাদিকৰে হোৱা মুখামুখিত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। লগতে তেওঁ কয় যে, বৰ্তমান সময়ত কংগ্ৰেছৰ ইমান এটা বেয়া অৱস্থা য’ত নেকি মানুহেই নাই লিডাৰ নাই এনেকুৱা এটা বেয়া পৰিৱেশলৈ কংগ্ৰেছ গৈ আছে। মন্ত্ৰীগৰাকীয়ে কয় যে, সাধাৰণতে ৰেপিড এক্সন ফৰ্চ আমি পুলিচত বা আৰ্মীত দেখা পাওঁ কিন্তু তেওঁলোকে এতিয়া এনেকুৱা এটা বনাই পেলালে। অসমত যুদ্ধ হৈছে নে তেনেকুৱা পৰিৱেশেই হৈছে। কংগ্ৰেছ দলটোৰ প্ৰাসংগিকতা আছে জানো এই মূহূৰ্তত সেইটো এটা চিন্তনীয় বিষয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে, এক কথাত ক’বলৈ গ’লে এতিয়াৰ কংগ্ৰেছ এটা নিষকটীয়া দল।
ভুপেন বৰা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ভুপেন বৰা ডাঙৰীয়া আমাৰ লগত কথাৰ কটাকটিত বহুত ওপৰত কেতিয়াও হাৰ নামানে কিন্তু তেওঁ প্ৰত্য়েকটো নিৰ্বাচনতে হাৰি আছে। গতিকে কথাত যি মানুহে হাৰ নামানে তেওঁৰ আচলতে কামত নাই, যিয়ে কাম কৰে তেওঁলোকে কথা কম কয় আৰু যিয়ে কথা বেছি কয় তেওঁলোকৰ কামত ৰিজাল্ট নাই গতিকে কথা আৰু কামৰ মাজত সামঞ্জস্য় নাই।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *