যোৰহাটঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে আৰম্ভ কৰা ‘বহনক্ষম কৃষিৰ বাবে প্ৰাকৃতিক কৃষিৰ বিজ্ঞানসন্মত অনুশীলন’ শীৰ্ষক ১৪ দিনীয়া চাৰ্টিফিকেট পাঠ্যক্ৰমৰ কালি সামৰণি পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত শস্য বিজ্ঞান বিভাগৰ সভাগৃহত কালি আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাসে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ খাদ্য সুৰক্ষা আৰু খাদ্য পৰিপুষ্টি আহৰণৰ বাবে বৰ্তমান সময়ত প্ৰাকৃতিক কৃষিৰ প্ৰয়োজনীয়তা আৰু সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰে। শস্য বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক তথা পাঠ্যক্ৰমৰ সমন্বয়ক ড০ অঞ্জন কৃষ্ণ শৰ্মাই আঁত ধৰা আৰু পাঠ্যক্ৰমৰ সঞ্চালক তথা শস্য বিজ্ঞান বিভাগৰ মুৰব্বী ড০ কল্যাণ পাঠকে আদৰণি ভাষণ প্ৰদান কৰা
অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগ, ছাত্ৰ কল্যাণ সঞ্চালক(ভাৰপ্ৰাপ্ত ) ড০ দিলীপ পাটগিৰি, আটাৰীৰ প্ৰিন্সিপাল ছায়েণ্টিষ্ট ড০ ৰাজুমণি বৰদলৈয়ে অংশগ্ৰহণ কৰে। মুক্ত আৰু দূৰ শিক্ষা পাঠ্যক্ৰমৰ সঞ্চালক ড০ ৰমণীকান্ত ঠাকুৰীয়াই মুক্ত আৰু দূৰ শিক্ষা পাঠ্যক্ৰমৰ বিষয়ে সবিশেষ জনোৱা আৰু মুক্ত আৰু দূৰ শিক্ষা পাঠ্যক্ৰমৰ সমন্বয়ক ড০ লীমা বৰাই আঁত ধৰা প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানটোত প্ৰশিক্ষণ গ্ৰহণ কৰা ২৫ গৰাকী বিষয় বস্তু বিশেষজ্ঞক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *