নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ মে’: নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ইটাপাৰা গাঁৱত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নগাঁৱৰ চিলঙনিস্থিত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ, অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প চমুকৈ এপাৰ্টৰ সহযোগত অংশগ্ৰহণমূলক ধানৰ জাতৰ ক্ষেত্ৰভিত্তিক পৰীক্ষামূলক মূল্যায়ন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ জিলাখনৰ ৰাইদঙীয়া, বাজিয়া গাঁও, ইটাপাৰা, ৰৌমাৰী আদি অঞ্চলৰ শতাধিক কৃষকৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যসূচীৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰি চিলঙনিৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰাই কয় যে–ইটাপাৰা গাঁৱৰ পথাৰৰ ৩০ টা অংশত ১০ টা উন্নত জাতৰ ধান উৎপাদন কৰা হৈছে । ইয়াৰ পৰা উপস্থিত কৃষক সকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ পৰা অহা বিশেষজ্ঞ সকলে নিৰ্বাচিত জাত সমূহ পৰবৰ্তী কালত পৰীক্ষাগাৰত পৰীক্ষা কৰি অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ অনুমোদন সাপেক্ষে কৃষকৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হব ৷ এপাৰ্টৰ সহযোগী প্ৰকল্প বিজ্ঞানী ড° শৰ্মি গগৈ, তনবিৰ হাজৰিকা আৰু গৱেষণা সহায়ক পাৰ্থ প্ৰতিম বৰাই আঁত ধৰা অনুষ্ঠানটিত নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী তথা প্ৰধান বিজ্ঞানী ড° নিৰঞ্জন ডেকা, আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ ৰাজ্যিক মুখ্য পৰামৰ্শদাতা ড° বীৰেন্দ্ৰ কুমাৰ যাদৱ, গৱেষণা কেন্দ্ৰটোৰ সহযোগী বিজ্ঞানী বিপিন কুমাৰ আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ এপাৰ্ট আঁচনিৰ নডেল বিষয়া ড° ৰূপম বৰগোহাঞিয়েও ভাষন প্ৰদান কৰে ৷ অনুষ্ঠানত চিলঙনিৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীদ্বয় ড° জ্যোতি ৰেখা হাজৰিকা আৰু ড° ৰুদ্ৰ নাৰায়ণ বৰকাকতিয়ে উপস্থিত কৃষক সকলৰ লগত ধান খেতিৰ বিভিন্ন সমস্যা, বেমাৰ-আজাৰ, কীট পতংগ আদি বিষয়ত মত বিনিময় কৰে । আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ জেষ্ঠ বিশেষজ্ঞা সুৰঞ্জনা বৰা, এপাৰ্টৰ প্ৰকল্প বিজ্ঞানী যুতিকা দাস, প্ৰিয়ানুজ গোস্বামী, প্ৰগতিশীল কৃষক ছহিদুল ইছলামৰ লগতে বহুকেইজন বিশেষজ্ঞ, বিজ্ঞানীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানৰ অন্তত উপস্থিত কৃষক আৰু বিশেষজ্ঞসকলে ধানৰ জাতৰ ক্ষেত্ৰভিত্তিক পৰীক্ষামূলক মূল্যায়ন কৰে।