নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলত এতিয়া চলিছে ভূ মাফিয়াৰ চৰম দৌৰাত্ম্য । প্ৰতিদিনেই চূড়ান্ত মইমতালিৰে নীতি বৰ্হিভুতভাৱে গ্ৰামাঞ্চলৰ মাটি খান্দি ভূ মাফিয়া চক্ৰই বিনষ্ট কৰি আহিছে প্ৰাকৃতিক পৰিবেশ । বিশেষকৈ জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বৰভেটি, সোণাৰীগাও, লহকৰঘাট, বৰবিল আদিৰ লগতে বটদ্ৰৱা, ৰাইদঙীয়া, চকলাঘাট আদি অঞ্চলত অবাধে ভূ মাফিয়াই জে চি বিৰে মাটি খান্দি প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰি আহিছে ৷ তদুপৰি এই মাটিবোৰ দিনে-নিশাই ডাম্পাৰ, ট্ৰাক, ট্ৰেক্টৰ আদিৰে সৰবৰাহ কৰি গ্ৰামাঞ্চলৰ ৰাষ্টা-ঘাট ধূলিময় কৰি তুলি গঞাৰাইজক ব্যাপক সমস্যাৰ সন্মুখীন কৰিছে । ফলত গঞাৰাইজৰ দৈনন্দিন চলাফিৰাত ব্যাঘাট জন্মিছে ৷ কিন্তু এনে অনিয়ম ৰহস্যজনকভাবে দেখিও নেদেখাৰ ভাও জুৰি আহিছে বন, আৰক্ষী আৰু পৰিবহণ বিভাগে ৷ কোৱাটো সমীচিন যে, এনেদৰে মাটি খন্দাৰ বাবে ৰাজহ চক্ৰৰ বিষয়াৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক যদিও কোনো আনুষ্ঠানিক অনুমতি অবিহনেই প্ৰতিদিনেই অবাধে ভূ মাফিয়াই চলাই গৈছে ভূমি খনন কাৰ্য । পৰিণতিত এই গ্ৰামাঞ্চল সমুহত চূড়ান্ত ভাৱে ভাৰসাম্যহীন হৈ পৰিছে প্ৰাকৃতিক পৰিবেশ । আনকি এই অবাধ ভূমি খননৰ বাবেই বহুলোকৰ কৃষিভূমিৰ লগতে চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি এতিয়া বৃহৎ বৃহৎ পুখুৰীলৈ পৰিণত হোৱা দেখা গৈছে । কিন্তু এনেদৰে প্ৰাকৃতিক পৰিবেশ বিনষ্ট হোৱাৰ লগতে ৰাষ্টা-ঘাট বিধ্বস্ত হৈ পিছতো ভূ মাফিয়াক নাকি লগাবলৈ কোনো আগ্ৰহ প্ৰকাশ নকৰি চৰম দায়িত্বহীনতাৰ পৰিচয় দি চকু মুদা কুলিৰ ভাওহে ধৰি আহিছে চৰকাৰৰ সংশ্লিষ্ট বিভাগে । অভিযোগ মতে, এই বিভাগকেইটাৰ একাংশ অৰ্থলোভী বিষয়া-কৰ্মচাৰীক নিয়মীয়াকৈ শকত ধনৰ টোপোলা উপহাৰ হিচাপে প্ৰদান কৰি এনে দুষ্কাৰ্য নিৰ্ভয়ে চলাই আহিছে ভূ মাফিয়া চক্ৰই ৷ সেয়ে নগঞা সচেতন মহলে অতি শীঘ্ৰে এই নীতিবৰ্হিভূত ভূমি খনন প্ৰক্ৰিয়া বন্ধ কৰিবলৈ জিলা আয়ুক্তৰ লগতে চৰকাৰৰ প্ৰতি দাবী জনাইছে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *