নিউজ ডেস্ক,২৬ জুনঃ পলাশবাৰীৰ বৰিহাট ভাল্লাত ভয়ংকৰ কাণ্ড। ৰাইজৰ হাতত প্ৰাণ গ’ল এজনৰ। ছাগলী চুৰিৰ সন্দেহৰ পাছতে সৃষ্টি হয় এই ঘটনা। সুৰধ দাস নামৰ লোকজনক হত্যা। অঞ্চলটোত প্ৰত্যেক দিনাই চুৰি হৈছিল ছাগলী। তথ্য অনুসৰি ছাগলী চুৰি কৰাৰ অভিযোগ উঠিছিল সুৰধ কুমাৰ দাস নামৰ লোকজনৰ বিৰুদ্ধে। ঘটনাৰ পূৰ্বে সুৰধ দাসে ছুৰিৰে আঘাত কৰিছিল দুজন লোকক। ঘটনাৰ পৰিণতিত উত্তেজিত হয় স্থানীয় ৰাইজ। ৰাইজৰ আক্ৰমণত মৃত্যু হয় সুৰধ দাসৰ। ইতিমধ্যে আৰক্ষী বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । আঘাতপ্ৰাপ্ত দুজনক ভৰ্তি কৰা হয় পলাশবাৰী আসামৰিক হস্পিতালত।