সমগ্ৰ দেশতেই জোকাৰণিৰ সৃষ্টি কৰা মণিপুৰৰ বিক্ষিপ্ত ঘটনাৰ বিৰুদ্ধে মঙলবাৰে সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত চিআইটিইউ , ডিৱাইএফআই , নি.ভা.গণতান্ত্ৰিক মহিলা সমিতি , নি.ভা.কৃষক সভাৰ সদস্য সকলে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে ৰঙিয়াৰ শ্ৰমিক ভৱনৰ পৰা সমদল উলিয়াই ৰঙিয়াৰ নগৰৰ মুল পথ সমুহৰ মাজেৰে গৈ পুনৰ শ্ৰমিক ভৱনত একগোট হয়। সমদলকাৰী সকলে হাতে হাতে বেনাৰ লৈ মণিপুৰৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আৰম্ভণিৰে পৰা মণিপুৰৰ পৰিস্থিতি সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা স্থিতিকো সমালোচনা কৰে।