“কংগ্ৰেছে সন্দেহযুক্ত বাংলাদেশী মূলৰ ভোট নোহোৱাকৈ জিকাটো বাদেই জিকাৰ কথা ভাবিবও নোৱাৰে”
নিউজ ডেক্স, ১১ ডিচেম্বৰঃ আগন্তুক নিৰ্বাচনৰ বাবে নগাঁও লোকসভা সমষ্টিক লক্ষ্য কৰি লৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। সন্দেহজনক বাংলাদেশী ভোট বেংকৰ বাবে এইবাৰ নগাঁও লোকসভা সমষ্টিত চকু কংগ্ৰেছ সাংসদগৰাকীৰ। আজি এখন ৰাজহুৱা সভাত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি তেওঁ সামাজিক মাধ্যমযোগে কয় যে, প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে বাৰে বাৰে নিজৰ কৰ্মৰ মাজেৰে নিজৰ চৰিত্ৰ উদঙাই আহিছে। তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল যে, লোকসভাৰ ১৪ খন আসন।কিন্ত কংগ্ৰেছ ব্যস্ত এটা নিৰ্দিষ্ট সমষ্টিক লৈ।কংগ্ৰেছৰ ভ্ৰাম্যমাণ ,পেৰাচুট নেতা সকলোকে লাগে নগাঁও সমষ্টি! নিৰ্লজ্জভাবে এতিয়া প্ৰদ্যুত বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত নগাঁও সমষ্টি লৈ চলিছে টনা-আজুৰা।
তদুপৰি ক্ষুৰধাৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাওঁত অন্তৰ্ভুক্ত হৈছে বটদ্ৰৱা, ৰূপহী, চামগুৰি, লাহৰিঘাটৰ দৰে সন্দেহযুক্ত বাংলাদেশী মূলৰ ভোটাৰৰে ভৰি থকা সমষ্টি। তাৰবাবেই পূৰ্বৰ সমষ্টি কলিয়াবৰ,এতিয়াৰ কাজিৰঙাত ৬ টাকৈ সমষ্টি থাকি যোৱা স্বত্তেও গৌৰৱ গগৈ ব্যস্ত নগাঁওক লৈহে। আজিৰ তাৰিখত কংগ্ৰেছে সন্দেহযুক্ত বাংলাদেশী মূলৰ ভোট নোহোৱাকৈ জিকাটো বাদেই জিকাৰ কথা ভাবিবও নোৱাৰে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে, গৌৰৱ গগৈৰ বাবে কলিয়াবৰ, বোকাখাত,গোলাঘাট,সৰুপথাৰ,খুমতাইৰ থলুৱা ভোটাৰতকৈ বটদ্ৰৱা,ৰূপহী,চামগুৰি,লাহৰিঘাটৰ সন্দেহযুক্ত ভোটাৰহে বহুত বেছি গুৰুত্বপূৰ্ণ।