নিউজ ডেক্স, ৩১ ডিচেম্বৰঃ ২১-২৪ ডিচেম্বৰলৈ গুৱাহাটীৰ সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত অসম অলিম্পিক সন্থাৰ পঞ্জীয়নভুক্ত সন্থা সদৌ অসম কাৰাটে সন্থাৰ দ্বাৰা আয়োজিত “অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা” ২০২৩_ত কামৰূপ জিলাই ৬ টা সোণৰ পদক, ১ ৰূপৰ পদক আৰু ১২ ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ কামৰূপ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। কামৰূপ জিলা ক্ৰীড়া সন্থাৰ অধীনৰ কামৰূপ জিলা কাৰাটে সন্থাৰ হৈ সোণৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে – ময়দুল হাছান (হাজো), মানৱ বৈশ্য (আজাৰা), তনয়া নাথ (আজাৰা), ৰাজদ্বীপ কলিতা (শুৱালকুছি), ৰাজদ্বীপ ৰাভা (ছয়গাঁও) সোণমণি ৰাভা (ছয়গাঁও), ৰূপৰ পদক লাভ কৰে হাজোৰ হৃষিতা দাসে। আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰে ক্ৰমে নিহাৰ দাস (হাজো), হিয়াশ্ৰী দাস (হাজো), হিৰক দাস (হাজো), সাগৰ গৌতম দাস (হাজো), পৰিণিতা কলিতা, প্ৰত্যক্ষা কলিতা, মঞ্জিষ্ঠা কলিতা (পলাশবাৰী) প্ৰজ্ঞান ঠাকুৰীয়া (জালুকবাৰী) আৰু ৰাজদ্বীপ দাসে (আজাৰা) আৰু ভাস্বতী মহন্তই( দমদমা) ব্ৰঞ্জৰ পদক লাভ কৰে। লʼৰাৰ জুনিয়ৰ দলীয় কাটা, ছোৱালীৰ দলীয় কাটাত ব্ৰঞ্জৰ পদক লাভ কৰে কামৰূপ জিলাই। দলীয় শাখাত পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে – সমুজ্বল হাজৰিকা, প্ৰাণজিৎ দাস, দীপমণি বেজবৰুৱা, গায়ত্ৰী ভূঞা, বৰ্ষা কুমাৰী আৰু টনু স্বামী। পদক বিজয়ী আটাইকেইগৰাকী খেলুৱৈক কামৰূপ জিলা কাৰাটে সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।