ঐতিহাসিক সৰভোগৰ বটবৃক্ষ স্বৰূপ বৰনগৰ মহাবিদ্যালয়ক এক নতুন ৰূপ তথা গতি দিয়া অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰৱৰ্ত্তীয়ে আজি অৱসৰ গ্ৰহণ কৰিলে৷ বৰনগৰ মহাবিদ্যালয়ত ২০১২ চনৰ ১৮ জানুৱাৰী তাৰিখে অধ্যক্ষ হিচাপে যোগদান কৰিছিল,অধ্যক্ষ গৰাকীৰ যোগদানে মহাবিদ্যালয়খনে এক নতুন প্ৰাণ পাই উঠিছিল,যাৰফলত NAAC ৰ মুল্যায়ংকনৰ দ্বিতীয় চক্ৰত B+ আৰু তৃতীয় চক্ৰত B++ গ্ৰেড পাবলৈ সক্ষম হয়,আনফালে অধ্যক্ষ গৰাকীৰ অপ্ৰাণ চেষ্টাৰ ফলতেই দেশৰ জনপ্ৰিয় আলোচনী INDIA TODAY য়ে দেশৰ মহাবিদ্যালয় সমূহৰ মাজত চলোৱা এক সমীক্ষাত ১০০ মহাবিদ্যালয়ৰ তালিকা(কলা শাখা)ত একেৰাহে তিনিবাৰ স্থান পোৱাৰ লগতে OPEN আলোচনীৰ সমীক্ষাত State Wise Ranking ত চতুৰ্থ স্থান আৰু East Zone ত ১২ নম্বৰ স্থান পাবলৈ সক্ষম হয়,মহাবিদ্যালয়খনৰ সোণালী আৰু হীৰকজয়ন্তী সুন্দৰকৈ সুচাৰুৰূপে উদ্যাপন কৰা হয়৷