নিউজ ডেক্স, ৬ জানুৱাৰীঃ বৃহত্তৰ বৰনগৰ অঞ্চলৰ প্ৰাণকেন্দ্ৰ শংকৰদেৱ শিশু নিকেতন সৰভোগৰ ৰূপালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠান ১১ আৰু ১২ জানুৱাৰী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে৷ ১১ জানুৱাৰী পুৱা ৯ বজাত ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰামেশ্বৰ মাহেশ্বৰীয়ে পতাকা উত্তোলন কৰিব, ৯ বাজি ৩০ মিনিটত ২৫ গৰাকী বিশিষ্ট ব্যক্তিৰ জৰিয়তে ২৫ খন পতাকা উত্তোলন,১০ বজাত বৰগনৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়ত্ৰী প্ৰণতী দাসে স্মৃতি তৰ্পণ কৰিব,১১ বজাত ভৱানীপুৰ সমষ্টি বিধায়ক ফণীধৰ তালুকদাৰে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব,আবেলি ৩ বজাত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন,এই সন্মিলনখন প্ৰাক্তন ছাত্ৰী পাপৰী শৰ্মা আৰু প্ৰাক্তন আচাৰ্য্য কুশল তালুকদাৰে সঞ্চালন কৰিব,৪ বজাত ছাত্ৰ ভাৰতীৰ অধ্যক্ষা নৱনিত নাথৰ সঞ্চালনাত বিশেষ সম্বৰ্ধনা সভা আৰম্ভ,৪ বাজি ৩০ মিনিটত সাংস্কৃতিক উৎসৱৰ ৰং চ’ৰা নিকেতনৰ ছাত্ৰ-ছাত্ৰী দ্বাৰা,সৰভোগ পৌৰসভাৰ পৌৰপতি মালবিকা দাসে উদ্বোধন কৰিব,নিশা ৯ বাজি ৩০ মিনিটত বন্দেমাতৰম আৰু দ্বীপ নিৰ্বাপন৷
১২ জানুৱাৰী পুৱা ৯ বজাত স্বচ্ছতা অভিযান,আচাৰ্য্য-আচাৰ্যা আৰু ছাত্ৰ-ছাত্ৰীৰ পৰিচালনাত,১০ বাজি ৩০ বজাত গছপুলি ৰোপণ কাৰ্যসূচী,মুখ্য ৰোপৰ চকচকা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰদীপ কলিতা,১১ বজাত মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন সভা আৰম্ভ,এই সভা উদযাপন সমিতিৰ সভাপতি ৰামেশ্বৰ মাহেশ্বৰীৰ সভাপতিত্বত আৰম্ভ হ’ব,বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰবৰ্ত্তীৰয়ে স্মৃতিগ্ৰন্থ উন্মোচন কৰিব,মুখ্য অতিথি হিচাপে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস,বিশিষ্ট অতিথি হিচাপে A.P.G.C.L ৰ সঞ্চালক ড° দেৱজিৎ মহন্ত,নিৰ্দিষ্ট বক্তা হিচাপে শিশু শিক্ষা সমিতি বঙাইগাঁও বিভাগ নিৰীক্ষক অখিল শৰ্মা উপস্থিত থাকিব,আবেলি ৫ বজাত বৰনগৰ ৰাজহ চক্ৰ চক্ৰ বিষয়া মিথিংগা দৈমাৰীয়ে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব,আনফালে শেষত জনপ্ৰিয় কণ্ঠশিল্পী মানস প্ৰতীম আৰু বৰ্ণালী বশিষ্ঠৰ সংগীতানুষ্ঠান,নিশা ৯ বাজি ৩০ মিনিটত বন্দেমাতৰম আৰু দীপ নিৰ্বাপন৷