বৰনগৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা অধিক আগুৱাই নিয়াৰ স্বাৰ্থত, বৰনগৰ অঞ্চলৰ কেইজনমান শিক্ষিত যুৱকে ২০০৫ চনত বাড্চ একাডেমী নামৰ এখন শিক্ষানুষ্ঠান স্থাপন কৰিছিল। শিক্ষাৰ পৰা সাহিত্য,খেলৰ পৰা সংস্কৃতিকে ধৰি প্ৰতিটো দিশত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা,বৰপেটা জিলাৰ ব্যক্তিগত শিক্ষানুষ্ঠান সমূহৰ ভিতৰত অন্যতম সৰভোগৰ বাড্চ একাডেমী। এই একাডেমীখনৰ উদ্যোগত আজি ৬ জানুৱাৰীত তৃতীয় বাৰ্ষিক ৰাজ্যিক ভিত্তিত ভট্টদেৱ স্মাৰক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ ভট্টদেৱৰ পৱিত্ৰ স্মৃতিত আয়োজিত এই কুইজ প্ৰতিযোগিতাৰ মুখ্য উদ্দেশ্য-আমাৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বৈদ্ধিক জ্ঞানৰ উৎকৰ্ষ সাধন কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলা। বৃহত্তৰ বৰনগৰ অঞ্চলৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ২৭ টাকৈ দল কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, কুইজ প্ৰতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ড আৰম্ভ হোৱাৰ আগতে প্ৰথমতেই এটা প্ৰাৰম্ভিক ৰাউণ্ড আৰম্ভ হয়, এই প্ৰাৰম্ভিক ৰাউণ্ডৰ জৰিয়তে চূড়ান্ত ৰাউণ্ডলৈ ছয়টাকৈ দল নিৰ্বাচিত হয়, দল কেইটা ক্ৰমে হ’ল-আসাম ব্ৰিলিয়াণ্ট একাডেমীৰ বিশাল সাহা আৰু মনজিত দাস(বৰাইল দল),Spee Trum Gurukul Nalbari ৰ কৃষ্ণৱ বৰা আৰু ৰূপজ্যোতি দাস(পাটকাই দল),B.H মহাবিদ্যালয়ৰ নিলয় নাথ আৰু সুৰোজ ঘোষ(মিচিমি দল),আসাম ব্ৰিলিয়াণ্ট একাডেমিৰ অৰ্ণৱৰাজ দাস আৰু নাদিম মেহদি ৰহমান(লুচাই দল),বাড্চ অকাডেমীৰ শ্ৰীজা দাস আৰু সুমিতা দাস(আবৰ দল) আৰু বাড্চ অকাডেমীৰ মনালিছা অধিকাৰী আৰু ময়ুষ খাটৱুাল(মিজো দল)৷
দীৰ্ঘসময় ধৰি অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাখনত ৩৫৫(১০+)পইণ্টৰে লুচাই দলটোয়ে চেম্পিয়নৰ খিতাপ দখল কৰে,২৫৫(১০+)পইণ্টৰে পাটকাইয়ে দ্বিতীয় স্থান আৰু ১২০ পইণ্টৰে বৰাইল দলটোয়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়,Spee Trum Gurukul Nalbari ৰ কৃষ্ণৱ বৰা আৰু ৰূপজ্যোতি দাস পাটকাই দ’লটোত আছিল আৰু আসাম ব্ৰিলিয়াণ্ট একাডেমীৰ বিশাল সাহা আৰু মনজিত দাস বৰাইল দ’লটোত আছিল,চেম্পিয়ন দলটোয়ে নগদ সাত হাজাৰ টকা,মানপত্ৰ,চলন্ত শ্বিল্ড আৰু ট্ৰফী,দ্বিতীয় স্থানপ্ৰাপ্ত দলটোয়ে নগদ পাঁচ হাজাৰ টকা,মানপত্ৰ আৰু ট্ৰফী আৰু তৃতীয় স্থানপ্ৰাপ্ত দলটোয়ে নগদ তিনি হাজাৰ টকা,মানপত্ৰ আৰু ট্ৰফী লাভ কৰে,ইয়াৰ লগতে চূড়ান্ত ৰাউণ্ডলৈ নিৰ্বাচিত হোৱা প্ৰত্যকটো দলে নগদ এক হাজাৰ টকা আৰু কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো প্ৰতিযোগীয়ে একোখনকৈ মানপত্ৰ লাভ কৰে৷আজিৰ এই কুইজ প্ৰতিযোগিতাখনত কুইজ মাষ্টৰ হিচাপে দৈনিক অসম বাতৰি কাকতৰ উপ-সম্পাদক দীপাংকৰ কৌশিক উপস্থিত থাকে৷