গুৱাহাটীত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে
গেমছ মাস্কট ‘অষ্টলক্ষ্মী’ উত্তৰ-পূৰ্বাঞ্চলৰ আশা-আকাংক্ষাই কেনেদৰে নতুন ডেউকা লাভ কৰিছে তাৰেই প্ৰতীক: প্ৰধানমন্ত্ৰী
খেলো ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ খেলসমূহেৰে আমাৰ মহান ৰাষ্ট্ৰখনত আবেগ আৰু ঐক্যৰ শিখা জ্বলাই তুলিবলৈ দিয়ক: অনুৰাগ সিং ঠাকুৰ
নিউজ ডেক্স, ২০ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কালি গুৱাহাটীত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় খেল উদ্বোধন কৰে। একেদৰে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবৰ সাতখন ৰাজ্যত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰী মোদীয়ে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ শুভংকৰ প্ৰতীক অৰ্থাৎ পখিলাৰ আকৃতিৰ অষ্টলক্ষ্মীৰ কথা বিশেষভাবে উল্লেখ কৰে। উত্তৰ-পূবৰ ৰাজ্যসমূহক অষ্টলক্ষ্মী বুলি কোৱা হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় “এই খেলবোৰত এটা পখিলাক শুভংকৰ প্ৰতীক হিচাবে গ্ৰহণ কৰাটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ আশা-আকাংক্ষাই কেনেকৈ নতুন ডেউকা লাভ কৰিছে এয়া তাৰেই প্ৰতীক।”
খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এক বিশাল প্ৰতিচ্ছবি অংকন কৰাৰ বাবে সকলোকে প্ৰশংসা কৰে।মোদীয়ে কয় “আন্তৰিকতাৰে খেলক, নিৰ্ভয়ে খেলক, নিজৰ আৰু নিজৰ দলৰ বাবে খেলি জিকক আৰু পৰাজিত হ’লেও খং নকৰিব। প্ৰতিটো বিফলতাই শিকাৰ সুযোগ দিয়ে”।
দেশজুৰিগ্ৰহণ কৰা ক্ৰীড়া প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবৰ বৰ্তমানৰ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া, লাডাখত খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া, তামিলনাডুত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া, দিউত বীচ গেমছৰ লগতে উত্তৰৰ পৰা দক্ষিণ আৰু পূবৰ পৰা পশ্চিমলৈ ভাৰতৰ প্ৰতিটো কোণতে ক্ৰীড়া অনুষ্ঠানৰ আয়োজন কৰা দেখি আনন্দিত হোৱা বুলি উল্লেখ কৰে। তেওঁ ক্ৰীড়াৰ প্ৰচাৰ আৰু যুৱসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অসম চৰকাৰকে ধৰি বিভিন্ন ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
ক্ৰীড়াৰ প্ৰতি পৰিৱৰ্তনশীল সামাজিক ধাৰণাৰ বিষয়ত মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পিতৃ-মাতৃৰ মনোভাৱৰ পৰিৱৰ্তনৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। আগতে অভিভাৱকসকলে তেওঁলোকৰ সন্তানক ক্ৰীড়া সম্পৰ্কীয় কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰিবলৈ সংকোচ কৰিছিল, এনে কৰিলে শিক্ষা লাভৰ পৰা সন্তান বিচলিত হ’ব বুলি আশংকা কৰিছিল। মোদীয়ে অভিভাৱকৰ পৰিৱৰ্তিত মানসিকতাৰ বিষয়ে আলোকপাত কৰি কয় যে অভিভাৱকসকলে এতিয়া তেওঁলোকৰ সন্তানৰ ক্ৰীড়াৰ কৃতিত্বকলৈ গৌৰৱ কৰে, সেয়া লাগিলে ৰাজ্য, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তেই নহওঁক কিয়।
প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈসকলৰ কৃতিত্ব আৰু সন্মান বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি কয়, “যিদৰে শৈক্ষিক সাফল্যক উদযাপন কৰা হয়, আমি ক্ৰীড়াত উৎকৃষ্ট লোকসকলকো সন্মান জনোৱাৰ পৰম্পৰা সৃষ্টি কৰিব লাগিব।” তেওঁ ক্ৰীড়াক আন্তৰিকতাৰে উদযাপন কৰা উত্তৰ-পূব অঞ্চলৰ সমৃদ্ধ ক্ৰীড়া সংস্কৃতিৰ পৰা শিকাৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে, ফুটবলৰ পৰা এথলেটিকছ, বেডমিণ্টনৰ পৰা বক্সিঙলৈকে, ভাৰোত্তোলনৰ পৰা দবালৈকে বিভিন্ন শাখাত খেলুৱৈসকলক এই অঞ্চলটোৱে অনুপ্ৰেৰণা যোগাই আহিছে বুলিও মোদীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত অংশগ্ৰহণ কৰা খেলুৱৈসকলে কেৱল মূল্যৱান অভিজ্ঞতাই লাভ নকৰিব, সমগ্ৰ ভাৰতত ক্ৰীড়া সংস্কৃতিৰ উন্নতিতো অৰিহণা যোগাব।
প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ বাবে সুযোগৰ বিকশিত পৰিস্থিতিতন্ত্ৰৰ বিষয়ত আলোকপাত কৰি কয়, “খেলো ইণ্ডিয়া বা অন্যান্য পদক্ষেপেই হওঁক, আমাৰ যুৱ প্ৰজন্মৰ বাবে সম্ভাৱনাৰ এক নতুন পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰা হৈছে।” তেওঁ প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি খেলুৱৈসকলৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বব্যাপী ক্ৰীড়া প্ৰতিযোগিতাসমূহত ভাৰতৰ সফলতাৰ কথা গৌৰৱেৰে উল্লেখ কৰি কয় যে বিশ্বৰ ক্ৰীড়াক্ষেত্ৰ খনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ ভাৰত সক্ষম হৈ উঠিছে। ভাৰতে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰাৰ সামৰ্থ্য উদযাপন কৰে, য’ত ভাৰতীয় খেলুৱৈসকলে অভূতপূৰ্ব সফলতা লাভ কৰিছে । বিশ্ব বিশ্ববিদ্যালয় গেমছত ভাৰতীয় খেলুৱৈসকলে অভূতপূৰ্ব সফলতা লাভ ককৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০১৯ চনত এই প্ৰতিযোগিতাত ভাৰতৰ খেলুৱৈয়ে মাত্ৰ ৪ টা পজক লাভ কৰিছিল যদিও ২০২৩ চনত মুঠ পদকৰ সংখ্যা ২৬ টালৈ বৃদ্ধি পায়।
তেওঁ এছিয়ান গেমছত ভাৰতীয় খেলুৱৈয়ে অভিলেখ সংখ্যক পদক লাভ কৰাৰ কথাও উল্লেখ কৰে। ।তেওঁ কয় “এয়া কেৱল পদকৰ সংখ্যা নহয়, আমাৰ খেলুৱৈসকলে বৈজ্ঞানিক দৃষ্টিভংগীৰে আগবাঢ়িলে কি লাভ কৰিব পাৰে এয়া তাৰেই প্ৰমাণ”।
ক্ৰীড়াৰ জৰিয়তে সৃষ্টি হোৱা মূল্যবোধৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ক্ৰীড়াত সফলতাৰ বাবে প্ৰতিভাতকৈ অধিক প্ৰয়োজন স্বভাৱ, নেতৃত্ব, দলবদ্ধভাবে কাম কৰা আৰু স্থিতিস্থাপকতা ।” তেওঁ যুৱসকলক কেৱল শাৰীৰিক সুস্থতাৰ বাবেই নহয়, জীৱনৰ প্ৰয়োজনীয় দক্ষতা বিকাশৰ বাবেও ক্ৰীড়াক গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি কয়, “যিসকলে খেলে, তেওঁলোকে উন্নতি কৰে।”
প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈসকলক ক্ৰীড়া ক্ষেত্ৰৰ বাহিৰেও উত্তৰ-পূৰ্বাঞ্চলৰ সৌন্দৰ্য অন্বেষণ কৰিবলৈও আহ্বান জনায়। তেওঁ তেওঁলোকক অনুষ্ঠানৰ পিছৰ ভ্ৰমণৰ অভিযান আৰম্ভ কৰিবলৈ, স্মৃতি বোৰ ধৰি ৰাখিবলৈ আৰু #NorthEastMemories হেচটেগ ব্যৱহাৰ কৰি তেওঁলোকৰ অভিজ্ঞতা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ উৎসাহিত কৰে। ইয়াৰ উপৰি তেওঁ তেওঁলোকে লগ পোৱা সম্প্ৰদায়বোৰৰ সৈতে একাত্ম হ’বলৈ কেইটামান স্থানীয় বাক্যাংশ শিকিবলৈও পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকক Bhashini App ৰ অভিজ্ঞতা ল’বলৈও পৰামৰ্শ দিয়ে।
অনুষ্ঠানটোত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে যোৱা বছৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া আৰু লাডাখত অনুষ্ঠিত প্ৰথম খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়াৰ বৃহৎ সফলতাৰ পিছত এতিয়া এই বছৰৰ বিশ্ববিদ্যালয় ক্ৰীড়াৰ গুৱাহাটীত অনুষ্ঠিত কৰা হৈছে।
তেওঁ লগতে কয় যে চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ ২০২৩, সমগ্ৰ দেশৰ ৪৫৪৪গৰাকী খেলুৱৈৰ বাবে এক ৰোমাঞ্চকৰ অভিজ্ঞতা হ’ব। তেওঁলোকে উত্তৰ-পূবৰ ৰাজ্য অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, ছিকিম, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ দৰে আমাৰ অষ্টলক্ষ্মীত বিস্তৃত ১৮ টা বিভিন্ন স্থানত প্ৰতিদ্বন্দিতা কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে লগতে কয় যে এই বিশাল প্ৰতিযোগিতাখনত এথলেটিকছ, ৰাগবী, সাঁতোৰ, বেডমিণ্টন, হকী আৰু ফুটবলকে ধৰি ক্ৰীড়াৰ ২০ টা শাখা সামৰি লোৱা হ’ব।
তেওঁ লগতে জনায় যে ফিট ইণ্ডিয়াৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে আমি মাললাখাম্বৰ দৰে পৰম্পৰাগত খেল আৰু যোগাসনকো অনুষ্ঠানত অন্তৰ্ভুক্ত কৰিছো।
তেওঁ লগতে কয় যে এই খেলসমূহেৰে আমাৰ মহান ৰাষ্ট্ৰখনত আবেগ আৰু ঐক্যৰ শিখা জ্বলাই তুলিব দিয়ক। চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া কেৱল অভিলেখ ভঙা বা পদক জিকাৰ বাবেই নহয়, ই বন্ধুত্বৰ বান্ধোন নিকপকপীয়া কৰি তোলা, বাধাৰ প্ৰাচীৰ ভংগ কৰা আৰু বিকশিত ভাৰতৰ সামূহিক সপোনৰ বাবে স্মৰণীয় হৈ ৰ’ব।