এই কৰ্মশালাই চৰকাৰী মূল পদক্ষেপৰাজি সন্দৰ্ভত সাংবাদিকসকলৰ সৈতে গভীৰ আলোচনা আৰু মত-বিনিময়ৰ মঞ্চ প্ৰদান কৰে
নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰীঃ প্ৰেছ ইনফৰ্মেচন ব্যুৰ’, গুৱাহাটীয়ে আজি দিন-জোৰা কাৰ্য্যসূচীৰে ডিমা হাছাওৰ হাফলঙত বাৰ্তালাপ-মিডিয়া কৰ্মশালা অনুষ্ঠিত কৰে। হাফলং আৱৰ্ত ভৱনত আয়োজিত এই কৰ্মশালাত সন্মানীয় বিশেষজ্ঞ, সাংবাদিক আৰু চৰকাৰী বিষয়াসকলে গুৰুত্বপূৰ্ণ বিষয়সমূহতগভীৰআলোচনা কৰে।
ইয়াত চৰকাৰী মূল-মূল পদক্ষেপসমূহৰ গুৰুত্ব সম্পৰ্কে গভীৰভাৱে আলোচনা কৰা হয়।ভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলে প্ৰাসংগিক বিষয়সমূহত আলোকপাত কৰে। ইয়াত তেওঁলোকে শাসন কাৰ্য্যৰপৰা আৰম্ভ কৰি যুৱ-সমাজৰ উত্থান আৰু স্বাস্থ্যসেৱাৰসম্প্ৰসাৰণলৈকে চৰকাৰী গুৰুত্বপূৰ্ণ পদক্ষেপৰাজি সম্পৰ্কে অন্তৰ্দৃষ্টি আগবঢ়ায়।
ইয়াত পিআইবিৰ মিডিয়া আৰু কমিউনিকেচন বিষয়া শ্ৰীমতী স্মিতা শইকীয়াই আদৰণি ভাষণ প্ৰদানেৰে অংশগ্ৰহণকাৰীসকলক প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ উদ্দেশ্যৰাজি আৰু ইয়াৰ কাম-কাজ সম্পৰ্কে অৱগতকৰণেৰে,পৰৱৰ্তী কাৰ্য্যবিধিৰ কথা ব্যক্ত কৰে। তেওঁ ৰাজ্যৰ ভিন্ন প্ৰান্তত এনে বাৰ্তালাপ-কৰ্মশালা অনুষ্ঠিতকৰণৰ কাৰণ আৰু চৰকাৰী কাম-কাজসমূহৰ সম্পৰ্কে বুজি উঠাৰ ক্ষেত্ৰত এই কাৰ্য্যসূচীয়ে সাংবাদিকসকলক কেনেদৰে সহায় কৰি আহিছে, সেই সন্দৰ্ভতো আলোকপাত কৰে।
ভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলে শাসন কাৰ্য্য আৰু সমাজ কল্যাণৰ একাধিক দিশ সম্পৰ্কে গভীৰ বিশ্লেষণ আৰু আলোচনা কৰে। ডিমা হাছাওৰসহকাৰী আয়ুক্ত আৰু ভাৰপ্ৰাপ্ত জিলা নিৰ্বাচনী বিষয়া বিপ্লৱ পুৰকায়স্থই নিৰ্বাচন-সম্পৰ্কীয় অত্যাৱশ্যকীয় ব্যৱস্থাসমূহৰ সম্পৰ্কে আলোকপাতেৰে,আগন্তুক নিৰ্বাচনী পৰিবেশত সাংবাদিকসকলক দায়বদ্ধভাৱে আগবাঢ়িবলৈআহ্বান জনায়।
বিশিষ্ট সাংবাদিক পাৰ্থ গোস্বামীয়ে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে বক্তব্য প্ৰদানেৰে সাংবাদিকতাৰ ক্ষেত্ৰত নৈতিকতাৰ গুৰুত্ব আৰু নিৰ্বাচনৰ সময়ত সংবাদ মাধ্যমৰ লোকসকলে অনুসৰণ কৰিবলগীয়ানীতি-নিয়ম সম্পৰ্কে ব্যক্ত কৰে। জনমত গঢ়াৰ ক্ষেত্ৰত সাংবাদিকসকলৰ দায়িত্ব সন্দৰ্ভত গুৰুত্ব আৰোপেৰে, সাধাৰণ লোকৰ সুবিধাৰ্থে সুশাসনৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে বিশদভাৱে উল্লেখ কৰে গোস্বামীয়ে।
এইকৰ্মশালাত জিলা ক্ৰীড়া বিষয়া জাগিৰ খানৰ নেতৃত্বত এখনি আলোচনা অনুষ্ঠিত হয়। ইয়াত তেওঁযুৱ সবলীকৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰে কাৰ্য্যসূচীসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ আজিৰ প্ৰজন্মক সন্ত্ৰাসবাদ আৰু ড্ৰাগছৰ প্ৰতি আসক্তিৰ দৰে বিপজ্জনক পন্থাৰপৰা আঁতৰাই অনাৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখেৰে,তেওঁলোকৰ শক্তিক গঠনমূলক ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে বুলি কয়।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উত্তৰ-পূবমণ্ডলৰ আঞ্চলিক সমল কেন্দ্ৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ পংকজ থমাছে ভিন্ন চৰকাৰী স্বাস্থ্য আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিত সাংবাদিকসকলে কেনেদৰে সহায় কৰিব পাৰে আৰু স্বাস্থ্যজনিত সমস্যা সম্পৰ্কীয় সঠিক তথ্যৰে জনসাধাৰণক উপকৃত কৰিব পাৰে, সেই সম্পৰ্কে কয়।
এই কৰ্মশালাৰ এক উল্লেখযোগ্য কাৰ্য্যক্ৰমণিকা হিচাপেপাৰ্বত্য জিলাখনৰ স্বাস্থ্যসেৱা বাতাবৰণ সম্পৰ্কে আলোকপাত কৰা হয়।ইয়াত,চৰকাৰী পদক্ষেপৰাজি আৰু সংবাদ মাধ্যমৰ জৰিয়তে ইয়াৰ প্ৰচাৰত গুৰুত্ব আৰোপ কৰা হয়। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰখনৰ অগ্ৰগতিসমূহৰ সংবাদ মাধ্যমে কেনেকৈ ফলপ্ৰসূভাৱে বৰ্ধন ঘটাব পাৰে,সেই সম্পৰ্কে ইয়াত উপস্থিতসকলে মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰে।
কৰ্মশালাখনিত তথ্য আৰু জনসংযোগ বিভাগৰ (DIPR) বিষয়াসকলেও অংশগ্ৰহণেৰে সহযোগিতামূলক মনোভাৱ বৃদ্ধি কৰে।
হাফলঙত অনুষ্ঠিত এইবাৰ্তালাপ-মিডিয়া কৰ্মশালাই সফলতাৰে ফলপ্ৰসূ আলোচনা আৰু ভাৱ-বিনিময়ৰ এক মঞ্চ প্ৰশস্ত কৰে।যিয়ে দায়বদ্ধ সাংবাদিকতা আৰু সমাজৰ কল্যাণৰ প্ৰতি সামূহিক অংগীকাৰক উৎসাহিত কৰে।