গুৱাহাটী ভৰলুমুখত সংঘটিত হৈছে এটা অত্যন্ত দুখজনক ঘটনা। কন্যাৰ জন্মদিন আনন্দেৰে উদযাপন কৰিবলৈ পিতৃ-মাতৃয়ে ঘৰত বিশেষ আয়োজন কৰিছিল। কিন্তু নিয়তিৰ কি খেলা কন্যাৰ জন্মদিনৰ দিনাই অগ্নিদগ্ধ হৈ মত্যু পিতৃ-মাতৃৰ।
ঘটনাটো সংঘটিত হয় ভৰলুমুখৰ প’ষ্ট অফিচ বিল্ডিঙৰ তৃতীয় মহলাত। অকাস্মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটি নিমিষতে নিশেষ হৈ যায় সকলো। ফলতে সূত্ৰপাত হৈছিল জুইৰ। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ৩খন বাহন উপস্থিত হৈছিল। এই বিস্ফোৰণৰ ইমানেই ভয়াবহ আছিল যে ৱ প্ৰায় ১০০ শতাংশ অগ্নিদগ্ধ হৈছিল দম্পতীহালৰ।
ঘৰত সেইসময়ত পিতৃ-মাতৃ, কন্যা আৰু আন কেইজনমান লোক উপস্থিত আছিল। সৌভাগ্যক্রমে ওচৰৰ লোকসকলে সময়মতে কণমানিজনীক লৈ জুইৰ পৰা উলিয়াই আনে। কন্যাজনী কথমপি ৰক্ষা পেলায়, যদিও পিতৃ-মাতৃক উদ্ধাৰ কৰিবলৈ সাধ্য নহ’ল।
কন্যাৰ জন্মদিন উদযাপনৰ আনন্দ মুহূৰ্ততে বিলীন হোৱাৰ এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ বিস্তাৰ কৰিছে।