অযোধ্যাৰ ঐতিহাসিক ৰাম মন্দিৰত আজি অনুষ্ঠিত হ’ল এক বিশেষ ধৰ্মীয় মুহূৰ্ত। পুৱা ১১:৫৮ বজাত শুভ সময়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰৰ ওপৰত ধৰ্মধ্বজা উত্তোলন কৰি মন্দিৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ আনুষ্ঠানিক সম্পূৰ্ণতাক ঘোষণা কৰে। পতাকা উত্তোলনৰ পাছতেই তেওঁ দেশবাসীক আধ্যাত্মিক বাৰ্তা প্ৰদান কৰি কৈছিল—ই দেশৰ ধৰ্মীয় গৌৰৱ আৰু সংস্কৃতিৰ পুনৰুজ্জীৱনৰ এক ঐতিহাসিক দিন। প্ৰধানমন্ত্ৰীয়ে পুৱা মন্দিৰ প্ৰাংগণত উপস্থিত হৈ ৰামলালাৰ বিশেষ আৰতি আৰু পূজাত অংশগ্ৰহণ কৰে। তাৰ পিছতে তেওঁ মন্দিৰ চৌহদৰ ভিতৰত অৱস্থিত সাতটা মন্দিৰ পৰিদৰ্শন কৰে। দিনটোৰ পৰৱৰ্তী সময়ত অযোধ্যাৰ ইতিহাস, মন্দিৰ নিৰ্মাণৰ দীর্ঘ প্ৰক্ৰিয়া আৰু ৰামভক্তি সম্পৰ্কে দেশবাসীক সম্বোধন কৰিব বুলিও জানিব পৰা গৈছে।
প্ৰায় দুবছৰ পূৰ্বে ৰাম মন্দিৰৰ দুৱাৰ খোলা হৈছিল যদিও নির্মাণৰ বাকী অংশ সেই সময়ত সম্পূৰ্ণ হোৱা নাছিল। আজিৰ পতাকা উত্তোলনে মন্দিৰটোক সম্পূৰ্ণ ৰূপে ধৰ্মীয় গৃহ ৰূপে পৰিগণিত কৰাৰ শুভসূচক। পুৰোহিতৰ এটা দলেও ইয়াক ‘দ্বিতীয় প্ৰাণপ্ৰতিষ্ঠা’ বুলি আখ্যা দিছে, কাৰণ এতিয়াৰে পৰা মন্দিৰৰ ৪৪ খন দুৱাৰ সমষ্টিকেই ধর্মীয় অনুষ্ঠানৰ বাবে মুকলি কৰা হ’ব। এই বিশেষ উৎসৱ উপলক্ষে প্ৰায় ৮ হাজাৰ অতিথি অযোধ্যাত উপস্থিত হোৱা বুলি সূত্ৰৰ উল্লেখ। সমগ্ৰ চহৰখন নিৰাপত্তাৰক্ষীৰ কঠোৰ ব্যৱস্থাত আৱৃত। পতাকা উত্তোলনৰ পিছত ৰাম মন্দিৰ প্ৰাংগণত বিশেষ আৰতি অনুষ্ঠিত হয়।
এই ধৰ্মীয় উৎসৱৰ পূৰ্বে মোদীয়ে অযোধ্যাত অনুষ্ঠিত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল, যাৰ পৰা তেওঁৰ যাত্ৰা মন্দিৰৰ ১১ নম্বৰ গেট হোনালি ভাৱে প্ৰৱেশ কৰে। আজিৰ দিনটো দেশবাসীৰ বাবে এক গৌৰৱৰ লগতে আধ্যাত্মিক আলোড়নৰ দিন হিচাপে ইতিহাসত লিপিবদ্ধ হ’ল।