নিউজ ডেস্ক,২১ মে’ঃ অষ্ট্ৰেলিয়াত স্কাইডাইভিং কংগ্ৰেছ মন্ত্ৰীৰ। ৭০ বছৰীয়া কংগ্ৰেছ মন্ত্ৰী টি এছ সিং দেৱে কৰিলে স্কাইডাইভিং। ছত্তীশগড়ৰ স্বাস্থ্য মন্ত্ৰী টি এছ সিং দেৱে স্কাইডাইভিং কৰি ললে নতুন অভিজ্ঞতা। দেশৰ সাৰ্বজনীন স্বাস্থ্য সেৱা প্ৰণালী অধ্যয়ন কৰিবলৈ অষ্ট্ৰেলিয়ালৈ 10 দিনীয়া চৰকাৰী ভ্ৰমণ মন্ত্ৰী গৰাকীৰ। এড্ৰেনালিন-ইন্ধনযুক্ত স্কাইডাইভিং অভিযান আৰম্ভ কৰে টি এছ সিং দেৱে। নেতাজনে মাটিৰ পৰা হাজাৰ হাজাৰ ফুট ওপৰলৈ গৈ ললে অন্য এক অভিজ্ঞতা। ৭০ বছৰীয়া ৰাজনীতিবিদজনে বিশেষ জাম্পচুট পিন্ধি কৰিছিল স্কাইডাইভিং। মন্ত্ৰীজনে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি কয় যে “এইটো সঁচাকৈয়ে এক অসাধাৰণ দুঃসাহসিক অভিযান আৰু অত্যন্ত আনন্দদায়ক অভিজ্ঞতা আছিল।”