যোৰহাট,৫ জুন: দেশৰ কৃষি শিক্ষা গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ NIRF ৰেংকিঙত ১৯ সংখ্যক ৰেংকিং লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে ভাৰতৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ স্থান নিৰ্ধাৰণৰ বাবে গ্ৰহণ কৰা এন আই আৰ এফ (ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক) ৰ জৰিয়তে ৰাজ্যৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়খনে সৰ্বভাৰতীয় এই স্বীকৃতি লাভ কৰিছে। কৃষি আৰু আনুসংগিক খণ্ডৰ ভিতৰত এই ৰেংকিঙত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানে প্ৰথম ৰেংকিঙ লাভ কৰিছে । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ অসম কৃষি বিশ্ববিদ্যালয়েহে এই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে পূৰ্বৰ ৰেংকিঙত বিশ্ববিদ্যালয়খনে ৪১ সংখ্যক ৰেংকিং লাভ কৰিছিল যদিও শেহতীয়া মূল্যায়নত বিশ্ববিদ্যালয়খনে এই স্বীকৃতি লাভ কৰে।