যোৰহাট, ৩ জুলাইঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্রিক বিভাগে আধুনিক কৃষি যন্ত্রপাতি সমূহৰ ব্যৱহাৰ, প্ৰতিপালন আৰু মেৰামতিৰ ওপৰত অহা ১ আগষ্টৰ পৰা ৩০ আগষ্টলৈ যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মুল চৌহদত এটা এমহীয়া প্ৰশিক্ষণৰ আয়োজন কৰিছে। প্ৰশিক্ষণৰ সময় ছোৱাত প্ৰশিক্ষাৰ্থী সকলৰ থকা, খোৱা আৰু প্ৰশিক্ষণৰ খৰছ বিশ্ববিদ্যালয়ে বহন কৰিব। প্ৰশিক্ষাৰ্থী সকলে নিজৰ অহা-যোৱাৰ যাবতীয় খৰছ নিজেই বহন কৰিব লাগিব। প্রশিক্ষার্থী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱা হ’ব লাগিব । ইচ্ছুক প্রার্থীয়ে নিজৰ নাম, ঠিকনা, ফোন নম্বৰ, শিক্ষাগত অৰ্হতা উল্লেখ কৰি ই-মেইল যোগে aaufarmmachinerytraining@gmail.com এই ঠিকনাত আবেদন কৰিব লাগিব। আবেদন কৰাৰ অন্তিম তাৰিখ ২০/০৭/২০২৩। বিশদ তথ্যৰ বাবে ইচ্ছুক প্রার্থীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ ৱেবচাইটত প্রকাশিত বিজ্ঞাপন চাব পাৰে অথবা ৮০১১৫৭৭৩৮৯ ফোন নম্বৰত অফিচ খোলা থকা সময়ত ফোন কৰিব পাৰিব।