এয়া বিজয়ৰ ক্ষণঃ ৰাতুল শৰ্মা
নিউজ ডেক্স, ২২ জুলাইঃ অসম মল্লযুঁজ সন্থাক আজি স্বীকৃতি প্ৰদান কৰে ভাৰতীয় মল্লযুঁজ সন্থাই। ১৯৮৯চনতে প্ৰতিষ্ঠা হোৱা অসম মল্লযুঁজ সন্থাক ভাৰতীয় মল্লযুঁজ সন্থাই বিভিন্ন ক্ষেত্ৰত বঞ্চিত কৰি অহাত অসম মল্লযুঁজ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি ৰাতুল শৰ্মাই ৯ জুলাই তাৰিখে এক আবেদন দাখিল কৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ে ১১জুলাইত হ’বলগীয়া ভাৰতীয় মল্লযুজঁ সন্থাৰ নিৰ্বাচনত স্থগিতাদেশ জাৰি কৰিছিল। অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াৰ দ্বাৰা তৰা গোচৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে ভাৰতীয় মল্লযুঁজ সন্থাৰ তদৰ্থ সমিতিয়ে আজি অসম মল্লযুজঁ সন্থাক স্বীকৃতি প্ৰদান কৰে। এই সন্দৰ্ভত ভাৰতীয় মল্লযুজঁ সন্থাৰ তদৰ্থ সমিতি হৈ ভূপেন্দৰ সিং বাঝৱাৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰৰ জৰিয়তে অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাক ভাৰতীয় মল্লযুঁজ সন্থাৰ বেংক একাউণ্টযোগে পঞ্জীয়ন মাছুল তেইশ হাজাৰ টকা জমা কৰিবলৈ দিয়ে। প্ৰতিষ্ঠাকালৰে পৰা অসমক ভাৰতীয় মল্লযুঁজ সন্থাই বঞ্চিত কৰাৰ অন্তত অসম মল্লযুজঁ সন্থাক আজি স্বীকৃতি প্ৰদান কৰা কাৰ্য্যক আদৰণি জনাই সভাপতি ৰাতুল শৰ্মাই। অনাগত দিনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসম মল্লযুঁজ সন্থাক আগুৱাই নিয়াৰ সংকল্প লোৱাৰ লগতে সন্থাৰ অভিভাৱক তথা মন্ত্ৰী পিযুষ হাজৰীকাৰ দিহা পৰামৰ্শৰে এক নতুন গতি প্ৰদান কৰিবলৈ বদ্ধ পৰিকৰ বুলি মন্তব্য কৰি সভাপতি গৰাকীয়ে কয় এই জয় অসম মল্লযুঁজ সন্থাৰ, এই জয় অসমৰ মল্লযুদ্ধাসকলৰ। এই সমগ্ৰ প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱা অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই, অসম মল্লযুঁজ সন্থাৰ মুখ্য উপদেষ্টা উজ্বল বৰুৱা, উপ সভাপতি অভিজিত নাথ, সম্পাদক গৌৰাঙ্গ ৰায়কে ধৰি অসম মল্লযুঁজ সন্থাৰ প্ৰতিগৰাকী সদস্যকে ধন্যবাদ জনায় সভাপতি ৰাতুল শৰ্মাই।
