খানাপাৰাৰ অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত তেওঁ প্ৰকাশ কৰে যে,
‘বাল্যবিবাহৰ বিৰুদ্ধে আমাৰ ৰাজ্যত এক শক্তিশালী ব্যৱস্থা সৃষ্টিৰ বাবে বাল্যবিবাহ প্ৰতিৰোধত আমি সকলোৱে মিলি এক অভিযান আৰম্ভ কৰিব লাগিব। চৰকাৰী কৰ্মচাৰী, আইন প্ৰয়োগকাৰী সংস্থা, গাঁওপ্ৰধান, গাঁও পঞ্চায়ত সচিব, আত্মসহায়ক গোট, ভি ডি পি আদি সকলো এই অভিযানৰ অংশীদাৰ হোৱাটো প্ৰয়োজনীয়। এই অভিযান সফল কৰিবলৈ এই বৰ্ষৰ বাজেটত পৰ্যাপ্ত ধন আবণ্টন কৰা হ’ব।
আমি বাল্যবিবাহৰ বিৰুদ্ধে শূন্য সহনশীলতা বজাই ৰাখিব লাগিব। অহা দুবছৰৰ ভিতৰত ৰাজ্যত বাল্যবিবাহ বন্ধৰ দিশত সকলোৱে সহযোগিতামূলক প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব। বাল্যবিবাহৰ সমস্যাসমূহৰ প্ৰতি ৰাইজক সজাগতা তথা অভিযোগ গ্ৰহণ কৰিবলৈ এটা কল চেণ্টাৰ কাৰ্যকৰী কৰা হ’ব। লগতে ৰাজ্যৰ যিকোনো অংশত বাল্যবিবাহৰ ঘটনা সন্দৰ্ভত চৰকাৰৰ সৈতে চোৰাংচোৱা তথ্যৰ ভাগ-বাটোৱাৰা কৰিবলৈ এটা নেটৱৰ্ক গঠন কৰা হ’ব। বাল্যবিবাহ ৰোধৰ বাবে পিছপৰা অঞ্চলসমূহক বিশেষ গুৰুত্ব দিয়া হ’ব। তদুপৰি বাল্যবিবাহক প্ৰতিহত কৰাত সহায় কৰিবলৈ কন্যাসকলক স্বাৱলম্বী কৰা দিশত পদক্ষেপ গ্ৰহণ কৰা হ’ব।
বাল্যবিবাহৰ বলি হোৱা একাংশ কন্যাৰ বাবে প্ৰয়োজনীয় যিকোনো পুনৰ্বাসনৰ ব্যৱস্থা প্ৰদান কৰাৰ বাবে উপায়ুক্তসকলক অতি সোনকালে চৰকাৰৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। অসমত নৱজাতক আৰু প্ৰসূতি মাতৃৰ মৃত্যু ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ লগত সহযোগিতা আগবঢ়াবলৈ ৰাজ্যবাসীক আহ্বান জনাইছোঁ। লগতে জিলাখনৰ আৰক্ষী অধীক্ষক আৰু অন্যান্য আৰক্ষী বাহিনীক বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অক্লান্ত অভিযানৰ বাবে ধন্যবাদ জনাইছোঁ।’- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
বৈঠকত কেবিনেট সতীৰ্থ ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত, বিমল বড়া, সকলো জিলাৰ মাননীয় জিলা উপায়ুক্ত, মাননীয় আৰক্ষী অধীক্ষক, মাননীয় মুখ্য সচিব, মাননীয় আৰক্ষী সঞ্চালকপ্ৰধানৰ লগতে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰা গাঁও পঞ্চায়তৰ সচিবসকলো আজিৰ বৈঠকত উপস্থিত থাকে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *