নিউজ ডেস্ক, ২৩ মে’ঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ট্ৰাকত উঠি যাত্ৰা। আম্বালা-চণ্ডিগড় ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰাকত উঠি ট্ৰাক চালকৰ সমস্যাৰ বুজ ললে ৰাহুল গান্ধীয়ে। লগতে ৰাহুল গান্ধীয়ে ট্ৰাক চালকসকলৰ সৈতে ধাবাতে খাদ্য গ্ৰহণ কৰে। সোমবাৰে নিশাৰ পৰা ট্ৰাকত উঠি যাত্ৰা কৰিছিল ৰাহুল গান্ধীয়ে। যাত্ৰা পথত তেওঁলোকে সন্মুখীন হোৱা সমস্যাবোৰ শুনিছিল। ৰাহুল গান্ধীয়ে ট্ৰাক চালকৰ সৈতে কথা পাতি বিভিন্ন ঠাইত ৰৈছিল। আজি পুৱা ৰাহুল গান্ধীয়ে আম্বালা চহৰৰ এটা গুৰুদ্বাৰাৰ ওচৰত ৰৈ প্ৰণাম জনাই। তাৰ পিছতই দিল্লীলৈ উভতি আহে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *