নগাঁৱৰ প্ৰতিবেদক, ১৬ মে’: নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ এক বৃহত্তৰ অঞ্চল সামৰি প্ৰতিষ্ঠিত উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান কটহগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এখনি সমাৰোহৰ আয়োজন কৰা হৈছে ৷ এই মৰ্মে, মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উদ্যোগত মঙলবাৰে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি প্ৰস্তুতি সভা অনুষ্ঠিত কৰা হয় ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° খাইৰুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ উপ সভাপতি আনিচুৰ ৰহমান, সম্পাদক মতিবুৰ ৰহমান, প্ৰাক্তন ছাত্ৰ শ্বহিদুল ইছলামকে প্ৰমুখ্য কৰি কেবাজনো প্ৰাক্তন ছাত্ৰই সমাৰোহৰ প্ৰস্তুতি সম্পর্কে বক্তব্য ৰাখে । উক্ত সভাতে অহা ৮ জুলাইৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহখনি অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হয় ৷ গাম্ভীৰ্যপূূূৰ্ণ সভাখনিত মহাবিদ্যালয়খনৰ প্ৰৱক্তা ফিৰুজ খান, মোজাম্মিল হুছেইন খণ্ডকাৰ, ফাইজুদ্দিন আহমেদ আৰু ইকবাল বাহাৰ চৌধুৰী উপস্থিত থাকি সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক উপস্থিত থাকি সমাৰোহখনি সফল কৰি তুলিবলৈ আহ্বান জনায় । তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া সমাৰোহখনিত গ্ৰন্থ মেলা, স্বাস্থ্য মেলা, সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন জাতি-জনজাতিৰ নৃত্য প্ৰদৰ্শন কৰা হব উক্ত সভাতে সিদ্ধান্ত লোৱা হয় ৷