নিউজ ডেস্ক, ১০ মে’: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত সুৰুঙা। ৩ জনকৈ দায়িত্বত থকা আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে। আৰক্ষী অধীক্ষক কেইগৰাকীৰ হৈছে ক্ৰমে, গুণীন্দ্ৰ ডেকা, উৎপল বায়ন আৰু সুমন চক্ৰৱৰ্তী। মঙলবাৰে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তাত হোৱা গাঁফিলতিৰ বাবে এই সিদ্ধান্ত বিভাগীয় কৰ্তৃপক্ষৰ।হঠ্যাৎ বহু সংখ্যক লোকে কাষ চাপিছিল মুখ্যমন্ত্ৰীৰ। সেই ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছিল নিৰাপত্তা বাহিনী। এটা ২৫ জনীয়া দলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বিচাৰিছিল। সাক্ষাৎ কৰিব বিচৰাত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক মাতিছিল। সেই সময়ত মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা নিৰাপত্তা বাহিনীয়ে দলটোক লগ কৰাৰ সুবিধা কৰি দিয়া নাছিল। এই বিষয়টোক লৈ মুখ্যমন্ত্ৰীৰ যথেষ্ট খং উঠিছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল যদিহে তেওঁক সাক্ষাৎ কৰিব দিয়া নহয় তেন্তে কেনেকৈ ইমান ওচৰলৈ আহিব পাৰিছিল তেওঁলোক। তাৰ পিছতেই এখন গুৰুত্বপূৰ্ণ বৈঠকত আৰক্ষী অধীক্ষকক শাস্তিমুলক ভাৱে বদলি কৰা হয়।